শিলচৰত মাওবাদীৰ সন্দেহত অসম মজুৰি শ্রমিক ইউনিয়নৰ নেতাক গ্রেপ্তাৰ...

গুৱাহাটীৰ পৰা যোৱা ক্রাইম ব্রান্সৰ এটা দলে অভিযান চলাই গ্রেপ্তাৰ কৰে নেতাজনক

author-image
Asomiya Pratidin
New Update
শিলচৰত মাওবাদীৰ সন্দেহত অসম মজুৰি শ্রমিক ইউনিয়নৰ নেতাক গ্রেপ্তাৰ...

Silchar Maobadi Arrest

ডিজিটেল ডেস্ক : মাওবাদীৰ সন্দেহত শিলচৰত গ্রেপ্তাৰ কৰা হয় অসম মজুৰি শ্রমিক ইউনিয়নৰ নেতাক। শ্রমিক ইউনিয়নৰ কাছাৰ জিলা সম্পাদক ধৰিত্রী শৰ্মাক গ্রেপ্তাৰ কৰে ক্ৰাইম ব্ৰান্সে।

Advertisment

গুৱাহাটীৰ পৰা যোৱা ক্রাইম ব্রান্সৰ এটা দলে অভিযান চলাই গ্রেপ্তাৰ কৰে নেতাজনক। কাছাৰৰ বৰখলাৰ সোনাপুৰৰ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায় ধৰিত্ৰী শৰ্মাক। উল্লেখ্য় যে পূৰ্বে গ্রেপ্তাৰ হোৱা কাঞ্চনদাক কৰা জেৰাৰ ভিত্তিতে গ্রেপ্তাৰ কৰা হয় শৰ্মাক।

assam Silchar Silchar Maobadi Arrest