বৰাকত ৯ কেজি হেৰ'ইন জব্দ...

বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে কৰিমগঞ্জ আৰক্ষী আৰু বিএছএফে
silchar  Heroin seized
silchar Heroin seized

ডিজেটেল সংবাদ, শিলচৰ : নিশা কৰিমগঞ্জত যুটীয়া অভিযান চলাই বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে কৰিমগঞ্জ আৰক্ষী আৰু বিএছএফে ৷ এখন ট্ৰাকত অভিযান চলাই জব্দ কৰা হয় ৯ কেজি ৪৭৭ গ্ৰাম হেৰ'ইন ৷ ৭৬৪ টা চাবোনৰ বাকচত অনা হৈছিল হেৰ'ইনখিনি ।

তথ্য অনুসৰি, AS11BC -7975 নম্বৰৰ ট্ৰাকখনৰ গোপন কেবিনত লুকুৱাই হেৰ'ইন খিনি সৰবৰাহৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে ৷ গোপন সূত্ৰে এই তথ্য লাভ কৰাৰ পিচত বিএছএফৰ ৭ নম্বৰ বেটেলিয়ন আৰু কৰিমগঞ্জ আৰক্ষীয়ে ট্ৰাক জব্দ কৰাৰ বাবে তৎপৰ হৈ পৰে ৷

সেই মৰ্মে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথৰ নিউ কৰিমগঞ্জ ৰে'লৱে ষ্টেচনৰ ওচৰত ট্ৰাকখনৰ বাবে অপেক্ষা কৰি থাকে দলটোৱে ৷ এটা সময়ত ট্ৰাকখন উপস্থিত হোৱাত তালাচী চলাই গোপন কেবিনৰ পৰা উদ্ধাৰ কৰা হয় হেৰ'ইন ভৰ্তি ৭৬৪ টা চাবোনৰ বাকচ ৷ হেৰ'ইনৰ সৈতে এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে ট্ৰাকখন জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

আৰক্ষীৰ মন্তব্য অনুসৰি হেৰ'ইনখিনৰ মূল্য কেইবা কোটি টকা ৷ জব্দকৰা হেৰ'ইনসহ ট্ৰাক আৰু সৰবৰাহকাৰীক কৰিমগঞ্জ আৰক্ষীক গতাই দিয়া হয় ৷ ইফালে, কৰিমগঞ্জ আৰক্ষীয়ে এই সংক্ৰান্তত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in