চহৰতলীত বৰাকে উটুৱাই নিলে মথাউৰি, শিলচৰত বানৰ বিভীষিকা, ৯০ % লোক জলবন্দী…

চহৰতলীত বৰাকে উটুৱাই নিলে মথাউৰি, শিলচৰত বানৰ বিভীষিকা, ৯০ % লোক জলবন্দী…

author-image
asomiyapratidin
New Update
চহৰতলীত বৰাকে উটুৱাই নিলে মথাউৰি, শিলচৰত বানৰ বিভীষিকা, ৯০ % লোক জলবন্দী…

ডিজিটেল ডেস্ক: ডিমা হাচাওৰ বিভীষিকাৰ পাছতেই এইবাৰ ক্ষিপ্ৰগতিৰে বৃদ্ধি পোৱা বৰাক নদীৰ বাঢ়নী পানীয়ে কিছু সময় পূৰ্বে ছিঙি নিছে শিলচৰ চহৰ তলীৰ বাগাদহৰ তৃতীয়খণ্ড এলেকাত নৈ খনৰ মূল মথাউৰি। আনহাতে বহু এলেকাত বৰাকৰ ডাইক – বান্ধৰ ওপৰেৰে পাৰ হৈছে পানী।

Advertisment

ফলত শিলচৰ চহৰলৈ সন্ধিয়াৰ ভাগত বিভীষিকা নামি অহাৰ আশংকা সৃষ্টি হৈছে। বিশেষকৈ মূল চহৰখনৰ মূল প্ৰাণকেন্দ্ৰ স্বৰূপ ৰাংগেৰখাৰী, ফাটক বজাৰ, লিংকৰোড,সোনাই ৰোড, ৰাধামাধৱ ৰোড, বিল পাৰ, অম্বিকাপট্টী, শিলংপট্টী, কালিবাৰী আদি এলেকাত বৰাকৰ প্ৰৱল সোঁতে প্ৰলয়ৰ সৃষ্টি কৰাতো প্ৰায় নিশ্চিত হৈ উঠিছে।

উল্লেখ কৰা প্ৰয়োজন যে ইতিমধ্যেই শিলচৰ চহৰৰ ভিতৰুৱা এলেকাবোৰ সম্পূৰ্ণ ৰূপে জলমগ্ন হৈছে। প্ৰশাসনে জলবন্ধী হোৱা লোকসকলক ক'লৈ স্থানান্তৰ কৰিব সেই লৈও দোমোজাত পৰিছে।কিয়নো দ্ৰুত হাৰত বৃদ্ধি হোৱা বৰাকৰ জলৰাশিয়ে পুৱাৰ ভাগলৈ শিলচৰ চহৰৰ দাঁতিকাষৰীয়া মালোগ্ৰাম, ঘৰিয়ালা আদি এলেকা সমূহো জলমগ্ন কৰাৰ সম্ভাৱণা প্ৰৱল।

এনে পৰিস্থিতত নিশাৰ ভিতৰতে সমগ্ৰ শিলচৰ চহৰৰ ৯০ শতাংশ এলেকাৰ লোক জলবন্দী হৈ পৰাতো নিশ্চিত হৈ পৰিছে।

আৰু পঢ়ক: ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ, ভাবুকি কঢ়িয়াইছে কলিয়াবৰৰ শিলঘাটলৈ…

assam assam flood Silchar