শিলচৰত প্ৰথমবাৰৰ বাবে এ পি এছ চি আৰু ইউ পি এছ চি পৰীক্ষাৰ কৰ্মশালা, বৰাকৰ ৫ শতাধিক মেধাৰ অংগ্ৰহণ…

শিলচৰত প্ৰথমবাৰৰ বাবে এ পি এছ চি আৰু ইউ পি এছ চি পৰীক্ষাৰ কৰ্মশালা, বৰাকৰ ৫ শতাধিক মেধাৰ অংগ্ৰহণ…

author-image
asomiyapratidin
New Update
শিলচৰত প্ৰথমবাৰৰ বাবে  এ পি এছ চি আৰু  ইউ পি এছ চি পৰীক্ষাৰ কৰ্মশালা,  বৰাকৰ ৫ শতাধিক মেধাৰ অংগ্ৰহণ…

ডিজিটেল সংবাদ শিলচৰঃ বৰাক উপত্যকাৰ মেধা ছাত্রছাত্রী সকলকএ পি এছ চি আৰু ইউ পি এছ চি পৰীক্ষাৰ বাবে কেনেদৰে গাইড দিব পাৰি তাৰ বাবে বিশেষ উদ্যোগ লৈছে কাছাৰ জিলাৰ পয়লাপুল জবাহৰ নবদোয় বিদ্যালয়ৰ প্রাক্তন শিক্ষাৰ্থী সকলে । বৰাকৰ বিভিন্ন আগশাৰীৰ কলেজ আৰু বিশ্ব বিদ্যালয়ৰ মেধা ছাত্রছাত্রী সকলক এ পি এছ চি আৰু ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ কৰাৰ উদ্দেশ্যে শনিবাৰে শিলচৰত এখন আলোচনা সভা আৰু বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰা হয় ।

Advertisment

কৰ্মশালাখন যুটীয়া ভাবে আয়োজন কৰে JNV পয়লাপুলৰ প্রাক্তন শিক্ষাৰ্থী সংস্থা আৰু গুৱাহাটীৰ "ছিভিল চাৰ্ভিছেছ এছিভাৰছ পইন্ট"য়ে । বৰাকৰ বিভিন্ন কলেজ আৰু বিশ্ব বিদ্যালয়ৰ প্রায় ৫ শতাধিক ছাত্রছাত্রীয়ে অংশ গ্রহন কৰা এই কৰ্মশালাত মুখ্য বক্তা হিচাপে অংশ গ্রহন কৰে ভাৰতীয় প্রশাসনিক বিষয়া তথা কাছাৰৰ সু সন্তান বিক্রম কৈৰীই ।

তিনিচুকীয়াত অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত বিক্রম কৈৰীয়ে এ পি এছ চি আৰু ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে ছাত্রছাত্রী সকলক বিভিন্ন বিষয়ৰ ওপৰত গাইড প্রদান কৰে । বৰাকত প্রথমবাৰৰ বাবে অনুষ্ঠিত এই কৰ্মশালা খনত গুৱাহাটীৰ "ছিভিল চাৰ্ভিছেছ এছিভাৰছ পইন্ট" ৰ সঞ্চালক ৰাজীব লেখাৰু , শিলচৰ ৰামানুজ গুপ্ত কলেজৰ সঞ্চালক ড' দীপাংকৰ দেৱ, শিলচৰ জিছি কলেজৰ অধ্যক্ষ ড' বিভাষ চক্রবৰ্তীয়েও ছাত্র ছাত্রী সকলক উদ্দেশ্যি মূল্যৱান ভাষণ প্রদান কৰে ।

ইফালে, এই পাচ শতাধিক ছাত্রছাত্রী আৰু অতিথি সকলক বিনামুলীয়াকৈ চাহ বিতৰণ কৰে ভেলীষ্ট্রং ছিটি ছিটি চাহৰ বিতৰক ৰায়ন ট্রেডিঙে ।