কাছাৰত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু…

কাছাৰত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু…

author-image
asomiyapratidin
New Update
কাছাৰত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ  মহিলাৰ মৃত্যু…

ডিজিটেল সংবাদ, শিলচৰ: কাছাৰৰ বৰখলাত ভয়ংকৰ অগ্নিকাণ্ড৷ ৰানীঘাট মনিপুৰী বস্তিত শনিবাৰে পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ড৷ নিশা দু বজাত সংঘটিত অগ্নিকাণ্ডত এগৰাকী মহিলাৰ মৃত্যু৷ মৃত মহিলা গৰাকীৰ নাম ৫২ বছৰীয়া চনাতম্বি বিবি কাজী ৷

Advertisment

জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় মহিলা গৰাকীৰ। স্থানীয় লোক উপস্থিত হৈ কোনোৰকম উদ্ধাৰ কৰে চানাতম্বিৰ ৭৫ বছৰীয়া বৃদ্ধা মা জলিলা বিবি কাজীক। ঘৰত থকা মূল্যবান সকলো সামগ্ৰী জুইত জাহ যায়৷ বহু গুৰুত্বপুৰ্ণ নথিপত্রও ভস্মীভূত হয় অগ্নিকাণ্ডত৷ ক্ষয়-ক্ষতিৰ পৰিমাণ কেইবা লাখ টকা ৷

মৃত মহিলা গৰাকী জলিলা বিবিৰ জীয়েক৷ মাক আৰু জীয়েক বাসকৰিছিল ঘৰটোত৷ নিশা হঠাতে অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ৷ অগ্নিকাণ্ডৰ কাৰন জানিব হোৱা নাই ৷ নিশা প্ৰায় দুই বজাত সংঘটি অগ্নিকাণ্ডৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চানাতম্বি বিবি এটি ধানৰ ডুলিৰ তলত আশ্ৰয় লৈছিল ৷

কিন্তু ডুলিটো জ্বলি ভস্মীভুত হৈ তলত খহি পৰাত ডুলিটোৱে হেচা মাৰি ধৰে চানাতম্বিক আৰু জুৱে চানি ধৰে মহিলা গৰাকীক৷থিতাতে মৃত্যু হয় তেওঁৰ ৷ পিচত খবৰ পাই স্হানীয় লোকে চানাতম্বিৰ মা ৭৫ বছৰীয়া জলিলা বিবিক উদ্ধাৰ কৰে৷ ইফালে অগ্নিনিৰ্বাক বাহিনী গৈ পোৱাৰ আগতে মহিলা দুগৰাকী বাসকৰা ঘৰটো সম্পুৰ্ণ পুৰি ভস্মীভুত হয় ৷ আৰক্ষী উপস্থিত হৈ চানাতম্বিৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে SMCH লৈ প্ৰেৰন কৰে ৷

আৰু পঢ়ক: চিৰাঙত ব্যাপক দুৰ্নীতি, বানত ক্ষতিগ্ৰস্ত সকলৰ বিপৰীতে আনে পালে সাহায্য…

cachar fire assam deadbody