/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-04/yz1auiro/AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ চাৰিআলিত আজি মাজনিশা প্ৰায় ১২:২০ মান বজাত সংঘটিত হয় বিধ্বংসী অগ্নীকাণ্ড ৷ ফলত নিমিষতে জুইত জাহ গ'ল ১৫ টাকৈ দোকান ৷
৩ টাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে ৩ খন মটৰচাইকেলৰ তেলৰ ট্ৰেঙ্কী বিস্ফোৰণ হোৱাৰ ফলত ভয়ংকৰ ৰুপ গ্ৰহণ কৰে ঘটনাই। ১৫ খন দোকানৰ কোটি টকাৰ সা-সম্পত্তি ভষ্মিভূত হোৱাৰ লগতে ছাই হ'ল বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ।
সৌভাগ্যক্ৰমে অগ্নীনিৰ্বাপক বাহিনীৰ বাহন আহি জুই নোমাৱালৈ সক্ষম হয় যদিও ৰক্ষা নপৰিল সা সম্পত্তি। জুই কৰ পৰা আৰু কিদৰে উদ্ভৱ হ'ল সেই বিষয়ে এতিয়ালৈকে স্পষ্ট হোৱা নাই৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us