তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫২ সংখ্যক চিলাপথাৰৰ বেতনিপাম কেন্দ্ৰীয় ব'হাগী বিদায় উৎসৱ...

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫২ সংখ্যক চিলাপথাৰৰ বেতনিপাম কেন্দ্ৰীয় ব'হাগী বিদায় উৎসৱ...

ডিজিটেল সংবাদ, চিলাপথাৰঃ আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৫২ সংখ্যক চিলাপথাৰৰ বেতনিপাম কেন্দ্ৰীয় ব'হাগী বিদায় উৎসৱ। চিলাপথাৰ অঞ্চলত ব'হাগ মাহটোৰ শেষটো দিনটো অব্যাহত আছে ৰঙালী বিহুৰ আনন্দ উল্লাস।

আজিৰে পৰা ১৮ মে' লৈকৈ তিনিদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বেতনিপাম কৃষ্টি কেন্দ্ৰত আৰম্ভ হৈছে ৫২ সংখ্যক বেতনিপাম কেন্দ্ৰীয় ব'হাগী বিদায় উৎসৱ। আজি প্ৰথমটো দিনৰ পুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পণ, বৃক্ষৰপুলি ৰোপন কৰি কৰা হয় কাৰ্যসূচীৰ শুভাৰম্ভ।

জনগোষ্ঠীয় সাছ পোছাক পৰিধান কৰি বিহু বাকৰিত সমবেত হয় অঞ্চলখনৰ শ শ ৰাইজ। চিলাপথাৰ পৌৰসভাৰ কাৰ্যবাহী অভিযন্তা পৰমানন্দ নাথে বিহুতলী উন্মোচন কৰাৰ পাছতে আৰম্ভ হয় বাৰেৰহনীয়া মুকলি সাংস্কৃতিক সমাৰোহ। সমাৰোহত 'নেত্ৰকাই' খ্যাত জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই অংশগ্ৰহণ কৰে

তিনিদিনীয়া কাৰ্যসূচীত কণী যুঁজ,কণমানি বিহুৱতী, চেমনীয়া বিহুৱতী,ঢোল,পেঁপা বাদন আদি বিভিন্ন পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । অনুষ্ঠানৰ শেষৰ দিনা সন্ধিয়া মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে সংগীতানুষ্ঠান পৰিবেশন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in