Advertisment

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত বিশেষ কৰ্মশালা...

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় পৰিষদৰ পৃষ্ঠপোষকত, মহাবিদ্যালয়খনৰ ই'ক ক্লাব আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে VERMICOMPOSTING AND SOLID WASTE MANAGEMENT শীৰ্ষক কৰ্মশালা।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত বিশেষ কৰ্মশালা...

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় পৰিষদৰ পৃষ্ঠপোষকত, মহাবিদ্যালয়খনৰ ই'ক ক্লাব আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে VERMICOMPOSTING AND SOLID WASTE MANAGEMENT শীৰ্ষক কৰ্মশালা।

Advertisment

কৰ্মশালাখনত কঠিন আৱৰ্জনাৰ ব্যৱস্থাপনা,VERMICOMPOSTING বিষয়ে অৱগত কৰাৰ উপৰিও অলাগতিয়াল আৱৰ্জনা সমূহ নিৰ্মূল কৰাৰ লগতে পুনৰ ব্যৱহাৰ কিদৰে কৰিব পৰা যায়।

VERMICOMPOSTING ৰ ব্যৱস্থা স্থাপন, ৰক্ষণাবেক্ষণ কৰি যত কেচুৰ সহায়ত জৈৱিক আৱৰ্জনা ভাঙি পুষ্টিকৰ পচন সাৰলৈ ৰূপান্তৰ কৰাৰ পদ্ধতিৰ ওপৰতো কৰ্মশালাত শিকোৱা হয়।

অঞ্চলখনৰ প্ৰায় ১০ খনৰো অধিক বিদ্যালয়ৰ প্ৰায় ১০০শ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাখনত। কৰ্মশালাখনি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰণজিৎ শইকীয়াৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

চিলাপথাৰ