স্বাধীনতা দিৱসৰ দিনাই চিলাপথাৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ জন

স্বাধীনতা দিৱসৰ দিনাই চিলাপথাৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ জন

ডিজিটেল সংবাদ, চিলাপথাৰঃ স্বাধীনতা দিৱসৰ দিনাই ধেমাজিৰ চিলাপথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হৈছে। এই দুৰ্ঘটনাত দুজন যুৱক নিহত হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হৈছে।

চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নামচুক তিনিআলিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হোৱা যুৱক দুগৰাকী হৈছে ডিমৌ চাৰিআলিৰ চন্দ্ৰ ৰাইৰ পুত্ৰ আকাশ ৰায়(১৭) আৰু ডিমৌ গোলাইৰ কৰণ বিশ্বকৰ্মা (১৮) । দুৰ্ঘটনাত আন কেইবাজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে এল্টো-স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় দুই স্কুটি আৰোহী। এল্টো বাহনৰ নম্বৰ-AS-06 R 8179 আৰু স্কুটিৰ নম্বৰ AS 06w 4873 । নিহত কৰণ বিশ্বকৰ্মাৰ ঘৰ চিলাপথাৰ গোলাই আৰু আকাশৰ ঘৰ চিলাপথাৰ ডিমৌ বুলি জানিব পৰা গৈছে। ঘটনস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ তদন্তৰ অব্যাহত ৰাখিছে।

স্বাধীনতা দিৱসৰ দিনাই চিলাপথাৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ জন
ক্ষমা কৰি সকলো পাহৰি গ'লে আমি আকৌ সৌহাৰ্দ্যপূৰ্ণভাৱে জীয়াই থাকিব পাৰিম: মণিপুৰ মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in