ডেকাপামত শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা শাখাৰ সাহিত্য আৰু বিচাৰকৰ কৰ্মশালা সম্পন্ন...

বৃহত্তৰ চিমেন চাপৰি অঞ্চলৰ ডেকাপামৰ অৱন নলা গাঁৱৰ নাম ঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলাৰ সাহিত্য শাখাৰ উদ্যোগত এখনি কৰ্মশালা কালি অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
jjkk

ডিজিটেল সংবাদ, চিলাপথাৰঃ  বৃহত্তৰ চিমেন চাপৰি অঞ্চলৰ ডেকাপামৰ অৱন নলা গাঁৱৰ নাম ঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলাৰ সাহিত্য শাখাৰ উদ্যোগত এখনি কৰ্মশালা কালি অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে সাহিত্য শাখা সমিতিৰ সভাপতি ভুবন দাসে । জোনাই জিলা শাখাৰ উপ-সভাপতি গজেন ভূঞা বাপে সমামুহিক প্ৰাৰ্থনা আগবঢ়ায় ।

Advertisment

সভাত চিনাকি পৰ্ব আঁত ধৰে জিলা সাহিত্য শাখা সমিতিৰ সম্পাদক পাৰ্থ প্ৰতিম বৰাই । জোনাই জিলা শাখাৰ পূৰ্বাঞ্চল আঞ্চলিক, চিমেন চাপৰি আঞ্চলিক, চিচি শিৰোমণি আঞ্চলিক শাখা, শংকৰ মাধৱ আঞ্চলিক শাখা আৰু মৰিঢল আঞ্চলিকৰ ২৫ গৰাকী বিচাৰক আৰু শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা কৰ্মশালাখনত প্ৰশিক্ষিত সমল ব্যক্তি তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় সমিতিৰ সাহিত্য শাখা সমিতিৰ সদস্য থুলন চন্দ্ৰ বৰাদেৱে কবিতা আবৃতিৰ ওপৰত,ঢকুৱাখনা জিলা শাখাৰ বিদ্যুৎ চমুৱাই  তৰ্কৰ ওপৰত,জোনাই জিলাৰ সাহিত্য শাখাৰ প্ৰাক্তন সম্পাদক আৰু মূলৰ প্ৰশিক্ষিত সমল ব্যক্তি সুখেশ্বৰ শইকীয়াই কুইজ, বক্তৃতা আৰু ৰচনাৰ ওপৰত বক্তৃতা আগবঢ়ায় ।

দুৰ্লভ মণিকা বৰা ফুকন আৰু থুলন চন্দ্ৰ বৰাই প্ৰতিযোগিতাত স্থান পাব লগীয়া কবিতা কেইটা আবৃত্তি কৰে ।  প্ৰশিক্ষাৰ্থী সকলৰ ফালৰ পৰা চিমেন চাপৰি আঞ্চলিক শাখাৰ স্বৰ্ণলতা ফুকন আৰু মৰিঢল আঞ্চলিক শাখাৰ পূৰ্ণিমা ফুকন গগৈয়ে নিজৰ অনুভৱ ব্যক্ত কৰে ।

সভাত জিলা আই মাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী মণি বৰা আৰু সম্পাদিকা মঞ্জু দাস উপস্থিত থাকে । সাহিত্য শাখা সমিতিৰ তৰফৰ পৰা  প্ৰশিক্ষিত বিচাৰক সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় । শেষত শলাগৰ শৰাই আগবঢ়ায় জিলা সাহিত্য সম্পাদক পাৰ্থ প্ৰতীম বৰাই ।

শ্ৰীমন্ত শংকৰদেৱ সংঘ