মাত্ৰ ৯ বছৰ বয়সতে জটিল ৰোগত আক্ৰান্ত এটি শিশুক লাগে সহায়...

শিশুটি হ'ল চিলাপথাৰৰ নতুন গাওঁ নিবাস পশুপতি মালাহৰ পুত্ৰ মনিষ মালাহ। মাত্ৰ ৯ বছৰ বয়সতে আক্ৰান্ত হ'ল ব্ৰেইন টিউমাৰৰ দৰে জটিল ৰোগত। চিলাপথাৰ নগৰ এম ই স্কুলৰ

author-image
Asomiya Pratidin
New Update
দকদ

ডিজিটেল সংবাদ, চিলাপথাৰঃ  শিশুটি হ'ল চিলাপথাৰৰ নতুন গাওঁ নিবাস পশুপতি মালাহৰ পুত্ৰ মনিষ মালাহ। মাত্ৰ ৯ বছৰ বয়সতে আক্ৰান্ত হ'ল ব্ৰেইন টিউমাৰৰ দৰে জটিল ৰোগত। চিলাপথাৰ নগৰ এম ই স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ মনিষ। চিকিৎসালয়ত নথি পত্ৰ দ'ম বান্ধিছে ৰোগীৰ ঘৰ। কিছুদিনৰ পূৰ্বে স্কুলীয়া শিশুটি গুৰুতৰভাৱে অসুস্থ হৈ পৰাত কেইবাখনো স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰৰোৱা।‌

Advertisment

পিছে সামান্য আৰোগ্য লাভ নকৰাত অলপতে ডিব্ৰুগড়ত স্বাস্থ্য পৰীক্ষা কৰায়। পৰীক্ষাৰ অন্তত চিকিৎসকে শিশুটি ব্ৰেইন টিউমাৰত ভোগা বুলি জনাই শীঘ্ৰে বহি:ৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিয়ে। চিকিৎসকৰ এই পৰামৰ্শত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে দৰিদ্ৰ পৰিয়ালটোৰ মাজত। ভাড়া ঘৰত থাকি সাপ্তাহিক বজাৰত দোকান দি কোনোমতে ভাত মুঠী মোকলাই অহা ৰোগীৰ পিতৃৰ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ সামৰ্থ। চিন্তাত বিনিন্দ্ৰ ৰজনী কটাইছে পিতৃ মাতৃয়ে।

নিৰুপা‌য় পিতৃ মাতৃয়ে পুত্ৰৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা অৰ্থ সাহাৰ্য বিচাৰিছে। মানৱতাৰ খাতিৰত শিশুটোক সাধ্য অনুসৰি সহায় আগ বঢ়াবলৈ ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছে। সদাশয় লোকে ৰোগীৰ মাতৃৰ SBI কুলাজান শাখাৰ 33819966287‌ নম্বৰৰ একাউণ্ট যোগে সাহাৰ্য প্ৰেৰণ কৰিব পাৰিব। লগতে অভিভাৱকৰ সৈতে 9365756860 নম্বৰত যোগাযোগ কৰিব পাৰিব।

ধেমাজি