বৰ্ণিল সাংস্কৃতিক শোভা যাত্ৰাৰে উদুলি-মুদুলি চিলাপথাৰৰ ৪০১ সংখ্যক লাচিত দিৱস

বৰ্ণিল সাংস্কৃতিক শোভা যাত্ৰাৰে উদুলি-মুদুলি চিলাপথাৰৰ ৪০১ সংখ্যক লাচিত দিৱস

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসম চৰকাৰৰ উদ্যোগত চিলাপথাৰৰ মাদুৰিপথাৰ আয়োজিত লাচিত দিৱসত উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

দুদিনীয়াকৈ আয়োজন কৰা দিবসৰ অন্তিমটো দিনা বীৰ লাচিতৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিত মল্যপৰ্ণ কৰাৰ পাছতে জিলাখনত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ কলা কৃষ্টি প্ৰদৰ্শনৰে উত্তল কৰি তোলে পৰিবেশ।

অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ উদ্যোগত,বিভিন্ন অনুষ্ঠান আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত লাচিত দিৱস সাংস্কৃতিক শোভা যাত্ৰাত ভোজপুৰী কৃষ্টি দল,লালুং তিৱা কৃষ্টি দল,গায়ন বায়ন দল,আয়তী দল,পানী তোলা, বোৱাৰী জেং বিহু,সোণোৱাল কছাৰী,তাই আহোম কৃষ্টি দল,বানাই কৃষ্টি দল,মিচিং গোমৰাগ দল,গোৰ্খা, হাজং,ৰাভা কৃষ্টি দল, মেচ কছাৰী,অসমীয়া বিহু দল, জালোৱা জাকৈয়া কৃষ্টি দল, ঝংকাৰ টিহু দল, জয়মতী কুঁৱৰী শাস্তি প্ৰদৰ্শন,দেউৰী কৃষ্টি দল,লেছেৰি বিহু,বঙালী কৃষ্টি দল,ৰাজবংশী কৃষ্টি দল, জেং বিহু,অৰুণাচলৰ আদি কৃষ্টি,চাহ জনগোষ্ঠী, মাৰোৱাৰী কৃষ্টি,বড়ো কৃষ্টি, মাছ ধৰা প্ৰদৰ্শন,পেঙত খোজ কঢ়া, চ্যুকাফা,জয়মতী শাস্তি, মূলাগাভৰু, লাচিত বৰফুকন,গদাধৰ ডালিমীৰ চৰিত্ৰ প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷

এই বিশাল শোভাযাত্ৰাই সমগ্ৰ চিলাপথাৰ নগৰ পৰিভ্ৰমণ কৰে আৰু লাচিত সমন্বয় ক্ষেত্ৰত সামৰণি মাৰে ৷ উল্লেখ্য যে প্ৰায় চাৰি কিল’মিটাৰ দৈৰ্ঘ্যৰ এই বিশাল শোভাযাত্ৰা উদ্বোধন কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি চিলাপথাৰৰ এই লাচিত দিৱস আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই এক সমন্বয়ৰ বাৰ্তা বহন কৰি জাতিটোক শক্তিশালী কৰিব বুলি মন্ত্ৰী বড়াই মতপোষণ কৰে ৷

বৰ্ণিল সাংস্কৃতিক শোভা যাত্ৰাৰে উদুলি-মুদুলি চিলাপথাৰৰ ৪০১ সংখ্যক লাচিত দিৱস
জামুগুৰিহাটৰ অখণ্ড হৰি কীৰ্তন সমাৰোহত বিধায়ক পদ্ম হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in