অসমত এতিয়া অবৈধ বাংলাদেশীৰ দপদপনি বাঢ়িছে, NRC ত ৮০ লাখ বাংলাদেশী সোমাইছে: শিলাদিত্য

অসমত এতিয়া অবৈধ বাংলাদেশীৰ দপদপনি বাঢ়িছে, NRC ত ৮০ লাখ বাংলাদেশী সোমাইছে: শিলাদিত্য

author-image
asomiyapratidin
New Update
অসমত এতিয়া অবৈধ বাংলাদেশীৰ দপদপনি বাঢ়িছে, NRC ত ৮০ লাখ বাংলাদেশী সোমাইছে: শিলাদিত্য

ডিজিটেল সংবাদ,ছমৰীয়া-:বকোৰ ছমৰীয়াৰ হাউলীটাৰীত কামৰূপ জিলাৰ বঙালী পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিবেশনত বিৰ্তকিত বিজেপি নেতা শিলাদিত্য। তেওঁ কয় যে অসমত এতিয়া অবৈধ বাংলাদেশীৰ দপদপনি বাঢ়িছে।এতিয়া সকলোতে তেওঁলোকৰে দপদপনি। NRC ত ইতিমধ্যে ৮০ লাখ বাংলাদেশী মুছলমান সোমাইছে।

Advertisment

সদৌ অসম ছাত্ৰ সন্থাক প্ৰশংসা কৰি শিলাদিত্যই কয় যে আছু এনে এটা সংগঠন,যি আজিলৈ নিয়মৰ মাজেৰে চলিছে,নিয়মৰ মাজেৰে আন্দোলন কৰিছে।সেই শিক্ষা সদৌ অসম বঙালী পৰিষদেও লওক।

লগতে কয় যে অসমক বচাবলৈ হ'লে আৰু অসমৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে বাঙালি সমাজ আৰু অসমীয়া সমাজ একত্ৰিত হ'ব লাগিব। শংকৰ মাধৱৰ ভূমিক যদি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে তেনেহ'লে আমি বাঙালী হিন্দু সমাজ আৰু অসমীয়া সমাজ এক হ'বই লাগিব।

বানপানী সন্দৰ্ভত সোধা প্ৰশ্নোত্তৰত শিলাদিত্যৰ মন্তব্য 'হিমন্ত বিশ্ব শৰ্মা এনে এজন মুখ্যমন্ত্ৰী যিয়ে নিজেই পানী গচকি ৰাইজৰ ওচৰলৈ গৈ কথা পাতিছে,ইমান কম পূজিৰে হলেও সকলোকে সাহায্য দিবলৈ চেষ্টা কৰিছে।এনেকোৱা মুখ্যমন্ত্ৰী মই আজিলৈ কোনো ৰাজ্যতে দেখা নাই।মই ৩০ বছৰ ধৰি ৰাজনীতি কৰিলো।কিন্ত মই ইমান ডাঙৰ বানপানী এইবাৰহে দেখিলো।গুৱাহাটীৰ অনিল নগৰ আৰু নবীন নগৰৰ বানপানী আজি বা কালিৰ নহয়,আমি সৰু থকাৰ পৰাই শুনিছো অনিল নগৰ আৰু নবীন নগৰ ৰ বানপানীৰ কথা।গুৱাহাটীৰ বানপানী স্বয়ং ভগৱানে ও ঠিক কৰিব নোৱাৰে।গুৱাহাটীৰ বানপানী সমস্যা দূৰ কৰিবলৈ হলে প্ৰথমে গুৱাহাটীৰ জনসাধাৰন সজাগ হ'ব লাগিব"।

লগতে বান সাহাৰ্য সন্দৰ্ভত ও তেওঁ কয় যে চৰকাৰে যিমান পাৰে সিমানখিনি সাহাৰ্য দিছে।অসমত বাস কৰা সকলো ভাৰতীয় বৈধ নাগৰিকে বান সাহাৰ্য লাভ কৰিছে।হয়তো কিছু ঠাইত অলপ দেৰি হৈছে।কিন্তু বানাক্ৰান্ত ভাৰতীয় নাগৰিকে বান সাহাৰ্য পাইছে।উল্লেখ্য যে কিছুমান অবৈধ লোকে ও বান সাহাৰ্য লাভ কৰিছে এক তাৎপৰ্যপূৰ্ন মন্তব্য আগবঢ়াই।

আৰু পঢ়ক: বাঢ়নী পানীত পৰি সলিল সমাধি ২ শিশুৰ…

siladitya deb assam nrc