/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/boka.jpg)
ডিজিটেল ডেস্ক: বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে বিশিষ্ট লেখক-শিক্ষাবিদ তথা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াক " শিক্ষাশ্রী" উপাধি প্ৰদান কৰে স্বেচ্ছা সেৱী সংগঠন বোকাখাত গণমঞ্চই।
ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই চাহ বাগিছা অধ্যুষিত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়খনত শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ উপৰি বিভিন্ন প্ৰজাতিৰ গছ, ফল-মূল, শাক পাচলি বাৰী, ভিন্ন ৰঙী ফুলেৰে বিদ্যালয়খনৰ চৌপাশ সেউজীয়া কৰি ৰাখি দেশৰ সীমা চেৰাই বিদেশতো চর্চা লাভ কৰিছে বিদ্যালয়খনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/WhatsApp-Image-2022-06-05-at-8.50.48-PM-1024x676.jpeg)
দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আপুৰুগীয়া তথা কালৰ গতিত পৃথিৱীৰ বুকুৰ পৰা হেৰাই যাব ধৰা সম্পদসমূহ সংৰক্ষণৰ কাৰণে "কলা কৃষ্টি কুটীৰ" নামৰ এটা ক্ষুদ্ৰ সংগ্ৰাহালয় প্ৰতিষ্ঠা কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ শইকীয়াই। ইপিনে বিদ্যালয়খনৰ 'মেথ লেব" অসমৰ ভিতৰতে অন্যতম।
এনেদৰে বিদ্যালয়খনক প্ৰাকৃতিক সৌন্দৰ্যৰে আটক ধুনীয়াকৈ সজাই জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰ কৰি উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে বিশিষ্ট লেখক-শিক্ষাবিদ তথা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াক " শিক্ষাশ্রী" উপাধি প্ৰদান কৰে।
উল্লেখযোগ্য যে নিষ্ঠাৰে বিদ্যালয়খনক আগবঢ়ায় নিয়াৰ বাবেই ইতি পূর্বে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাও লাভ কৰাৰ লগতে বিদ্যালয়ৰ চৌহদ সেউজ কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰাৰ কাৰণে গ্ৰাছ গ্রীণ এবার্ডও লাভ কৰিবলৈ সক্ষম হৈছে।
ইপিনে কেইবাখনো তথা সম্বলিত গ্ৰন্থ প্ৰকাশ কৰি সাহিত্য জগতলৈ অনবদ্য বৰঙণি আগবঢ়াইছে শিক্ষাবিদ শইকীয়াই। বিশিষ্ট লেখক-শিক্ষাবিদ তথা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াক " শিক্ষাশ্রী" উপাধি লাভ কৰাত গোলাঘাট জিলা সাংবাদিক সন্থা, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, মহুৰামুখ প্ৰেছ ক্লাৱ, নুমলীগড় আঞ্চলিক সাংবাদিক সংস্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনে আদৰণি জনাইছে।
আৰু পঢ়ক: পৰিৱেশ দিৱসৰ দিনা ৫০০ গছপুলি ৰোপনেৰে মিচিং "ৰেগী ৰেগাম"ৰ উন্মোচন