/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/vqkrcojy/ddddd.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভূমি সমস্যাক চলিছে ৰাজনীতি । এইবেলি প্ৰতিটো নিৰ্বাচনী প্ৰচাৰ সভাত বিপিএপ দল সভাপতি হাগ্ৰামা মহিলাৰীয়ে ভূমি পট্টা বিতৰণৰ ক্ষেত্ৰত প্ৰমোদ বড়োই বৈষম্যমূলক নীতি অবলম্বন কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে । আজি হাগ্ৰামা মহিলাৰীয়ে ভূমি সমস্যাক লৈ মিথ্যাচাৰৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি চিদলীৰ কাশিকোত্ৰাত বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰে ।
সংবাদ মেলত ৰঞ্জিত বসুমতাৰীয়ে কয় যে ইমান দিনে বিটিচিৰ ভূমিহীন লোক সকলৰ ভূমিৰ সমস্যা দুৰ কৰিবলৈ বিটিচি প্ৰশাসনৰ পৰা ভূমিৰ আবন্টন দিয়া হৈছিল, সেই ভূমি আবন্টন দিয়াৰ তিনি বছৰৰ ভিতৰত বন্দোৱস্তিৰ কৰাটো বাধ্যতামূলক আছিল। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বতাধীন বিটিচি প্ৰশাসনে চলিত বৰ্ষৰ জুলাই মাহত পুৰণি ভূমিনীতি বাতিল কৰি ভূমিহীন লোক সকলক পোনপটিয়াকৈ ভূমিৰ বন্দোৱস্তিৰ প্ৰমান দিয়াৰ ব্যবস্থা কৰা হৈছে ।
উল্লেখ্য যে বিপিএফ দলৰ চৰকাৰ চলাকালীন মাত্ৰ ১৫ হেজাৰ লোকক ভূমিৰ আবন্টন পত্ৰ বিতৰণ কৰিছিল কিন্তু তাৰ বিপৰীতে প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত অফলাইন আৰু অনলাইন যোগে দুই লাখ ১০ হেজাৰ ভূমিহীন লোকৰ ভূমিৰ সমস্যা দুৰ কৰা হৈছে বুলি ৰঞ্জিত বসুমতাৰীয়ে সদৰি কৰে ।
ভূমিৰ সমস্যা দুৰ কৰিবলৈ বড়ো জনগোষ্ঠীৰ বাদে অন্যান্য জনগোষ্ঠীৰ লোকক যি বৈষম্য কৰা হৈছে বুলি অভিযোগ কৰা হৈছে সেয়া সম্পূৰ্ণ মিথ্যাচাৰৰ আশ্ৰয় লৈছে হাগ্ৰামা মহিলাৰীয়ে ।কাৰণ যিমান সংখ্যক অন্যান্য জনগোষ্ঠীৰ লোকে ভূমিৰ সমস্যা সমাধান কৰাৰ বাবে আবেদন কৰিছিল তাৰে ৭৫ শতাংশৰ পৰা ৮৫ শতাংশ লোকৰ ভূমিৰ সমস্যা সমাধান কৰা হৈছে বুলি চৰকাৰী নথিপত্ৰ প্ৰদৰ্শন কৰি দাবী কৰে ৰঞ্জিত বসুমতাৰীয়ে ।