Advertisment

চিদলীত শান্তিপূৰ্ণভাৱে চলিছে ভোটদান প্ৰক্ৰিয়া...

পুৱাৰে পৰা শান্তিপূৰ্ণ ভাবে ভোটদান আৰম্ভ হোৱা ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাসুগাঁৱৰ ৬৬৯ নং থুৰিবাৰী এল পি স্কুলৰ ১৯০ নং ভোটকেন্দ্ৰৰ ইভিএমৰ বিজুতি ঘটে।

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচন

অসমৰ পাঁচখন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত সৰ্বোচ্চ ভোটাৰ থকা সমষ্টিখনেই ৩১ নং চিদলী বিধানসভা সমষ্টি। লগতে আটাইতকৈ কম প্ৰাৰ্থিত্ব দিয়া বিধানসভা সমষ্টিখনো ৩১ নং চিদলী বিধানসভা সমষ্টি । চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত এইবেলি মাত্ৰ তিনি গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

Advertisment

শাসকীয় এনডিএ মিত্ৰজোটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, বিপিএফৰ শুদ্ধ বসুমতাৰী আৰু জাতীয় কংগ্ৰেছৰ সঞ্জীৱ ৱাৰী। আজি ৩১নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱা শাসকীয় এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই পুৱা ৭ বজাত আমগুৰী থানাৰ অন্তৰ্গত ৬৮ নং ভবানীপুৰ এলপি স্কুলত সপৰিয়ালৰ সৈতে ভোটদান কৰে।

আনহাতে চিদলী বিধানসভা সমষ্টিৰ অন্যতম প্ৰতিদ্বন্দী বিপিএফৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে পুৱা সাত বজাত বামুনগাঁৱৰ ৯৫০ নং পশ্চিম টুংকুবাৰী এল পি স্কুলত নিজৰ ভোটদান সাব্যস্ত কৰে। তাৰ বিপৰীতে দুটা দশকৰ অন্তত চিদলী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে সপত্নীৰ সৈতে ৰুণীখাতা এল পি স্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰে। 

ইফালে পুৱাৰে পৰা শান্তিপূৰ্ণ ভাবে ভোটদান আৰম্ভ হোৱা ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাসুগাঁৱৰ ৬৬৯ নং থুৰিবাৰী এল পি স্কুলৰ ১৯০ নং ভোটকেন্দ্ৰৰ ইভিএমৰ বিজুতি ঘটে। ফলত প্ৰায় দুই ঘণ্টা সময় ভোটদান প্ৰক্ৰিয়া বন্ধ থাকে। ইয়াকে কেন্দ্ৰ কৰি দীৰ্ঘসময়ৰ পৰা শাৰীপাতি থকা ভোটাৰ ৰাইজৰ মাজত অসন্তুষ্টিয়ে দেখা দিয়ে।

পৰৱৰ্তী সময়ত চিৰাং জিলা সদৰ কাজলগাঁৱৰ পৰা বিশেষজ্ঞ দল আহি বিকল ইভিএম বদলি কৰাৰ ভোটদান পৰ্ব আৰম্ভ হয়। আজি চিদলী সমষ্টিৰ অন্তৰ্গত থুৰিবাৰী এল পি স্কুলৰ ইভিএমৰ উপৰি টুক্ৰাঝাৰতো দুটা ইভিএমৰ সামান্য বিজুতি ঘটিছিল যদিও পাছলৈ এই সমস্যাৰ সমাধা হোৱা বুলি চিৰাঙৰ অতিৰিক্ত আয়ুক্ত ফিৰদৌস আলমে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।

উপ নিৰ্বাচন চিদলী বিধানসভা