/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/17ndadus/dddd.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ চিদলীৰ ২০৮ বছৰীয়া ঐতিহাসিক সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপত বিজয়া দশমী উপলক্ষে মহিলা সকলৰ পৰম্পৰাগত সেন্দুৰ খেল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/q1oyxhhk/ca5f1841-5e2d-444d-972b-2dd9c94a22b6.jpg)
ধৰ্মীয় ৰীতি অনুসৰি আজি বিজয়া দশমীত চিদলীৰ ৰজাদিনীয়া পূজা মণ্ডপ বিবাহিত মহিলা সকলে প্ৰথমে দেবী দুৰ্গাৰ চৰণত সেন্দুৰ স্পৰ্শ কৰাই মা দুৰ্গাৰ আশীৰ্বাদ লৈ পিছত বিবাহিত মহিলা সকলে ইজনে সিজনৰ গালত সেন্দুৰ লগাই আনন্দ ফুৰ্তি কৰাৰ লগতে ঢাকৰ তালে তালে নৃত্য কৰা পৰিলক্ষিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/bnh2a75x/f2ced277-8099-492c-a79a-39922ddd0608.jpg)
আজি এই বিজয়া দশমী দিনা উক্ত পূজা মণ্ডপত চিদলীৰ সন্তান তথা আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় উপস্থিত থাকি ৰাইজৰ লগত সময় অতিবাহিত কৰে সদৌ অসমবাসীলৈ বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/hukojtgt/94459705-9850-4d2f-a06b-76c58b50aa6a.jpg)