/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
ডিজিটেল ডেস্ক: ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ বিধায়ক চিদ্দিক আহমেদে ইচ্ছাকৃতভাৱে ভুলকৈ ভোট দান কৰাক লৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বেলটত সংখ্যা ১ লিখা পৰিৱৰ্তে ONE লিখা আহমেদৰ বিধায়কৰ পদ খাৰিজ কৰিবলৈ কংগ্ৰেছে বিধানসভা অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল। কংগ্ৰেছ বিধায়ক জনৰ এনে কাণ্ডৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে তেওঁলোকৰ বিধায়নী দলৰ দলপতিয়ে বিধায়ক গৰাকীক ভোটদানৰ পূৰ্বেও আলোচনা কৰি সকলো কথা বুজাই দিয়াৰ পিছতো ইচ্ছাকৃত ভাৱে তেওঁৰ ভোট নাকচ কৰিছে।
ইতিমধ্যে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও আহমেদক নিলম্বন কৰা হৈছে। ইয়াৰ পাছতেই নিলম্বিত কংগ্ৰেছ বিধায়কজনে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে ৰাজ্যসভা নিৰ্বাচনৰ ভোটদানত তেওঁ ভুল কৰা নাই। দলে তেওঁৰ বিৰুদ্ধে লোৱা এই পদক্ষেপৰ বিৰুদ্ধে চিদ্দিক আহমেদে আদালতৰ কাষ চপাৰো ইংগিত দিয়ে।
ইফালে আনজন কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসেও মুকলিকৈ ৰাজ্যসবা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক ভোট দিয়া বুলি ঘোষণা কৰাত তেওঁৰো বিধায়ক পদ খাৰিজ কৰিবলৈ আৱেদন জনাইছে কংগ্ৰেছে।