বিহু নি:সন্দেহে ধৰ্মীয় পৰ্ব,ইফটাৰ খালেই আমি মুছলমান হৈ নাযাও: সিদ্ধাৰ্থ ভট্টাচাৰ্য

বিহু নি:সন্দেহে ধৰ্মীয় পৰ্ব,ইফটাৰ খালেই আমি মুছলমান হৈ নাযাও: সিদ্ধাৰ্থ ভট্টাচাৰ্য

author-image
asomiyapratidin
New Update
বিহু নি:সন্দেহে ধৰ্মীয় পৰ্ব,ইফটাৰ খালেই আমি মুছলমান হৈ নাযাও: সিদ্ধাৰ্থ ভট্টাচাৰ্য

ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে মাৰোৱাড়ী যুৱ মঞ্চ, ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত কৰা লুইতপৰীয়া বিহু সন্মিলনখনিত বিহু সম্বন্ধীয় অনুষ্ঠান নাৰাখি হনুমান জন্মোৎসৱ শোভাযাত্ৰা অনুষ্ঠিত কৰা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

Advertisment

তেওঁ কয় যে, "মাৰোৱাড়ী সম্প্ৰদায়ে বিহু পাতিবলৈ লৈছিল। সেই একে সময়তে হনুমান জয়ন্তী আছিল। যিহেতু দুয়োটা হিন্দুৰ পৰ্ব, সেয়ে তেখেত সকলে সেইভাৱে লৈছিল"।

"কিন্তু কালি যেতিয়া জাপিৰ ওপৰত ঝাড়ু থলে আমি মাত নামাতিম নেকি। যদি বিহু ধৰ্মীয় পৰ্ব নহয় তেন্তে হুচৰি গোৱাৰ আগত ৰাম বা কৃষ্ণৰ নাম লৈ কিয় আৰম্ভ কৰা হয়। বিহু নি:সন্দেহে ধৰ্মীয় পৰ্ব। বেলেগে পাতে নাপাতে তেওঁলোকৰ কথা। খ্ৰীষ্টমাছ পাতিলেই আমি খ্ৰীষ্টান হৈ নাযাও বা ইফটাৰ খালেই আমি মুছলমান হৈ নাযাও। কিন্তু যদি নিৰপেক্ষভাৱে চাই তেন্তে দেখিব ই ধৰ্মীয় পৰ্ব"।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ভোট দিবলৈ আহি সংবাদ মাধ্যমৰ আগত এই মত দিয়ে নেতা গৰাকীয়ে।

আৰু পঢ়ক: বিয়ালৈ গৈ থকা কিশোৰীক দলবদ্ধ বলাৎকাৰ…

assam guwahati bjp