/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4b33e619-6357-489b-b02b-086e36f196ab/AP_FOR_WEB_sid.jpg)
ডিজিটেল ডেস্কঃ ধন দাবী কৰা অভিযোগত গ্ৰেপ্তাৰ বজালীৰ সদ্য বদলিপ্ৰাপ্ত এছ পি সিদ্ধাৰ্থ বুঢ়াগোঁহাই। ৩ দিন চিআইডিয়ে মাৰাথান জেৰা চলোৱাৰ পাছত সোমবাৰে গ্ৰেপ্তাৰ হয় সিদ্ধাৰ্থ বুঢ়াগোঁহাই। দেওবাৰে এছ পি গৰাকীৰ বাসগৃহত চিআইডিয়ে চলাইছিল অভিযান।
তাৰপাছতে আজি চিআইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল এছ পি গৰাকীক। চুপাৰি ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগ আছে এছ পি গৰাকীৰ বিৰদ্ধে।আজি পুৱাৰ ভাগতে এই একেই অভিযোগত গ্ৰেপ্তাৰ হৈছিল ডিএছপি পুস্কল গগৈ।
উল্লেখ্য যে, চুপাৰি ব্যৱসায়িক অসম আৰক্ষীয়ে ৫ কোটি টকা ধন দাবী কৰাৰ কথা পোহৰলৈ আহিছিল। চুপাৰী চিণ্ডিকেটত নাম সাঙোৰ খাইছিল বজালী আৰক্ষীৰ ৭ জনকৈ আৰক্ষীৰ।
তাৰপাছতে চিআইডিয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল- ভৱানীপুৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক দেৱজিৎ গিৰি, পাটাছাৰকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক শশাংক দাস,ASP গায়ত্রী সোণোৱালৰ দেহৰক্ষী ABC ইনাজামামুল হাছান,গাড়ী চালক দ্বিপজয় ৰয়, বজালীৰ আৰক্ষী অধীক্ষকৰ অংশকালীন চালক হোমগাৰ্ড নাবিৰ আহমেদত ।
দেওবাৰে বজালীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালক স্বামীসহ গ্রেপ্তাৰ কৰাৰ পিছত আজি আৰক্ষীয়ে পুস্কল গগৈক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। এই ঘটনাত আৰু কেইবাগৰাকী আৰক্ষীৰ নাম সাঙোৰ খোৱাৰ সম্ভাৱণা আছে।ঘটনা সন্দৰ্ভত চিআই ডিয়ে তদন্ত অব্যাহত ৰাখিছে।
Also Read: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে DSP পুস্কল গগৈক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us