/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/sibanath.jpg)
ডিজিটেল ডেস্ক: বিশিষ্ট চিন্তাবিদ,লেখক,সাহিত্যিক, শিৱনাথ বৰ্মন গুৰুতৰভাৱে অসুস্থ। সাহিত্যিক গৰাকীক বৰ্তমান ভঙাগড় নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰি থোৱা হৈছে। প্ৰৱীণ সাহিত্যিক গৰাকী মধুমেহকে ধৰি আন ৰোগত আক্ৰান্ত হৈ আছে।
অসমীয়া সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা এই গৰাকী নীৰৱ সাহিত্য সাধক তথা চিন্তা বিদৰ আশু আৰোগ্য কামনা কৰিছে গুণমুদ্ধই।
উল্লেখ্য যে, অসমীয়া চিন্তা চেতনাত নব্যবাদৰ উন্মেষৰে এক বিশেষ ধাৰা সৃষ্টি কৰাত শিৱনাথ বৰ্মনৰ আছিল বিশেষ ভূমিকা। ৰজা ঘৰে তেওঁৰ খবৰ ৰখা নাই। কিন্তু অসমীয়া বৌদ্ধিক সমাজৰ অন্যতম ভোটাতৰা স্বৰূপ আছিল এই গৰাকী বিশিষ্ট সাহিত্যিক।
দৈনিক জনসাধাৰণ কাকতৰ মুখ্য সম্পাদক হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল। জাতিৰ সংকটৰ সময়ত তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিছিল। সেই গৰাকী বিশিষ্ট সাহিত্যিকে প্ৰায় ১ সপ্তাহ জুৰি নেমকেয়াৰ হস্পাতালত চিকিৎসাধীন হৈ আছে যদিও ৰজা ঘৰিয়াই তেওঁৰ খবৰ লবৱৈ সময় পোৱা নাই।
অসমৰ বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত গৱেষণালব্ধ চিন্তা চেতনাৰে সম্পৰীক্ষা আৰু অধ্যয়ন কৰা চিন্তা বিদ সকলৰ ভিতৰত শিৱনাথ বৰ্মনো আছিল অন্যতম।তেখেতে সকলোবোৰ বিষয়ৰ ওপৰতে সুক্ষ্ম দৃষ্টি নিক্ষেপ কৰিছিল। আশা কৰা হৈছে এই গৰাকী বিশিষ্ট সাহিত্যিকৰ স্বাস্থ্য আৰু চিকিৎসা সন্দৰ্ভতো অসম চৰকাৰে বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰিব।
চৰকাৰী পৃষ্ঠপোষকতা অৱিহনে নিশ্চিয়ত ভাৱে জাতিৰ প্ৰতি অৰিহনা আগবঢ়োৱা শিৱনাথ বৰ্মন সঁচা অৰ্থত অসমীয়া জাতীয় জীৱনৰ বাবে এক উল্লেখ যোগ্য আৰু দিক নিৰ্ণয়কাৰী চিন্তা চেতনাৰ প্ৰাবহক।
আৰু পঢ়ক: কলিয়াবৰত দিন দুপৰতে বাঘৰ সন্ত্ৰাস: অঞ্চলটোত ৮টা গৰু ভক্ষণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us