ৰক্ষক নে ভক্ষক! থানাৰ ভিতৰতে যুৱতীক যৌন নিৰ্যাতন আৰক্ষী বিষয়াৰ, গ্ৰেপ্তাৰ

এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। শিৱসাগৰ সদৰ থানাৰ ভিতৰতে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ৰক্ষক নে ভক্ষক! থানাৰ ভিতৰতে যুৱতীক যৌন নিৰ্যাতন আৰক্ষী বিষয়াৰ, গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক: এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। শিৱসাগৰ সদৰ থানাৰ ভিতৰতে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

শিৱসাগৰ থানাৰ উপ-পৰিদৰ্শনকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। উপ-পৰিদৰ্শক গৰাকীৰ নাম ৰিপজ্যোতি দলে। অভিযোগ অনুসৰি থানাৰ ভিতৰতে যুৱতীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল উপ-পৰিদৰ্শকগৰাকীয়ে।

ঘটনা সন্দৰ্ভত শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে। এজাহাৰৰ ভিত্তিত উপ-পৰিদৰ্শক দলেক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আদালতত হাজিৰ কৰাই জে’ললৈ প্রেৰণ কৰিছে অভিযুক্ত উপ-পৰিদৰ্শকগৰাকীক।

আৰু পঢ়ক: প্ৰথমে যুৱতীক গাড়ীৰে খুন্দা, পিছত উদণ্ড যুৱকে চুচৰাই নিলে কেইবা কিলোমিটাৰ, মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in