জিৰণিৰ প্ৰয়োজন! শাৰীৰিকভাৱে অসুস্থ ধৃতিৰাজ, পৰিয়ালৰ বিশেষ আহ্বান…

জিৰণিৰ প্ৰয়োজন! শাৰীৰিকভাৱে অসুস্থ ধৃতিৰাজ, পৰিয়ালৰ বিশেষ আহ্বান…

author-image
asomiyapratidin
New Update
জিৰণিৰ প্ৰয়োজন!  শাৰীৰিকভাৱে অসুস্থ ধৃতিৰাজ, পৰিয়ালৰ বিশেষ আহ্বান…

ডিজিটেল ডেস্ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল মঙলদৈৰ ধৃতিৰাজ বাস্তৱ কলিতাই। ফলাফলৰ পাছতেই ছচিয়েল  মিডিয়াত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ধৃতিৰাজ।

Advertisment

বিভিন্ন সংবাদ মাধ্যমৰ লগত হোৱা ধৃতিৰাজৰ কথা-বতৰাই মন চুইছে জনতাৰ। কিন্তু কিছু দুৰ্বল তথা শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে ধৃতিৰাজ।

জিৰণী নোলোৱাকৈ সাক্ষাৎকাৰ আৰু মন বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰি গৈছে ধৃতিৰাজ।যাৰ বাবে ধৃতিৰাজে দু্ৰ্বল আৰু অসুস্থ হৈ পৰা বুলি পৰিয়ালৰ লোকে জনায়।

পৰিয়ালৰ লোকে সকলোৰে মৰম আৰু আশীৰ্বাদক ধন্যবাদ জনাই কৈছে যে ধৃতিৰাজক জিৰণিৰ প্ৰয়োজন। সেয়ে ধৃতিৰাজক অভিনন্দন জনাব বিচৰা দল, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যমকে ধৰি সকলোকে পুৱা ১০ বজাৰ পাছত উপস্থিত হবলৈ আহ্বান জনায়। লগতে সন্ধিয়া ৭ বজাৰ পাছত ধৃতিৰাজত জিৰণিৰ বাবে সুযোগ দিয়াৰ বাবে আহ্বান জনায়। এই ক্ষেত্ৰত ৰাইজৰ সহায় বিচাৰিছে তেওঁৰ পৰিয়ালে।

আৰু পঢ়ক: ২৫১৬ কোটি টকা ব্যয়ত ৬৩০০০ পিএচিএছ কম্পিউটাৰকৰণ, প্ৰধানমন্ত্ৰীক ধন্যবাদ শ্বাহৰ…

hs assam