শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত কীৰ্ত্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত কীৰ্ত্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত কীৰ্ত্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা…

ডিজিটেল সংবাদ , বেবেজীয়া : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত সংঘৰ জিলা কাৰ্য্যালয়ত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন হোৱা কীৰ্ত্তিমান ছাত্ৰ ছাত্ৰী সকলক আজি দেওবাৰে সম্বৰ্ধনা জনোৱা হয় ৷ ৭৫ শতাংশ নম্বৰৰ অধিক নম্বৰ লাভ কৰা সংঘৰ সংগী সকলৰ কীৰ্ত্তিমান ছাত্ৰছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ সংঘৰ জিলা শাখাৰ সভাপতি জ্যোতি প্ৰসাদ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃনাল কুমাৰ বৰাই কয় যে- আমাৰ কীৰ্ত্তিমান বহু ছাত্ৰছাত্ৰীয়ে চিকিৎসক ,অভিযন্তাৰ হোৱাৰ সপোন দেখে ৷ ই নিশ্চিতভাৱে ভাল কথা ৷কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিব লাগিব ৷ তেতিয়াহে দেশ-সমাজক সঠিকভাৱে আগুৱাই নিয়াত সফল হব পৰা যাব ৷ তেওঁ লগতে কয়- সপোন দেখিব লাগিব, সেই সপোনে দেশ জাতিক প্ৰতিষ্ঠা কৰিব লাগিব৷ ভাষন প্ৰসঙ্গত ড° বৰাই কয়- মানুহৰ জীৱনলৈ প্ৰত্যাহ্বান আহিব পাৰে৷ কিন্তু সেই প্ৰত্যাহ্বান নেওচি আগুৱাই যাব লাগিব ৷ তেওঁ লগতে ছাত্ৰছাত্ৰী সকলক মোৱাইল ফোন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷
সংঘৰ জিলা শাখাৰ শিক্ষাবিভাগৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰাই আদৰণি ভাষন প্ৰদান কৰা সভাখন উদ্ধোধন কৰে জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই ৷ ঈশাপ্ৰিয়া শইকীয়াৰ বৰগীতৰে আৰম্ভহোৱা আৰু তোষেশ্বৰ বৰাই আঁত ধৰা সভাখনত কীৰ্তিমান ছাত্ৰ ছাত্ৰী ক্ৰমে অভিনৱ ৰঞ্জন বৰা, ভাৰ্গৱ বৰুৱা , দৰথী বৰা, জ্যোতিস্মিতা ভাগৱতী আৰু প্ৰিয়াশী হাজৰিকা আদিয়ে ভাষণ প্ৰদান কৰে।

Advertisment

আৰু পঢ়ক : অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ বকোৰ বিধায়িকা নন্দিতা দাস…

assam Bebejia