/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9040f8de-cc11-4331-a936-fc72871fe39e/fire.jpg)
ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে নিশা এখন গেলামাল দোকানত জুই লাগি দোকানখন ভষ্মীভূত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত ২নং দিলিঙাগাঁৱত থকা বিষ্ণু পাঠকৰ গেলামাল দোকানখনত নিশা প্ৰায় ১০ বজাত জুই লাগে । জুই লগাৰ ফলত দোকানৰ লগতে ভিতৰত থকা বয়বস্তু সমূহ ভষ্মীভূত হয় ।
ওচৰ-চুবুৰীয়াই আহি দোকানখনৰ পৰা অইন ঠাইলৈ জুই বিয়পি পৰাৰ আগতে নুমুৱাবলৈ সক্ষম হয় যদিও দোকানখনৰ অধিক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয় । একাংশ লোকে দোকানখনৰ ভিতৰত সন্ধিয়া জ্বলোৱা চাকিৰ পৰা জুই লগা বুলি সন্দেহ কৰাৰ বিপৰীতে অধিক সংখ্যক লোকে দুৰ্বৃত্তই দোকানখন জ্বলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ।