গুৱাহাটী এৰি গোৱালৈ যাত্ৰা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ…

গুৱাহাটী এৰি গোৱালৈ যাত্ৰা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ…

author-image
asomiyapratidin
New Update
গুৱাহাটী এৰি গোৱালৈ যাত্ৰা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ…

ডিজিটেল ডেস্ক: কেইবাদিনো ধৰি গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা শিৱসেনাৰ বিধায়ক সকলে বুধবাৰে গুৱাহাটী ত্যাগ কৰে। একনাথ সিন্ধেৰ নেতৃত্বত অহা দলটোৱে গুৱাহাটী এৰি গোৱালৈ যাত্ৰা আৰম্ভ কৰে।

Advertisment

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট এতিয়াও অব্যাহত আছে। আজি উদ্ধৱ থাকৰে শিৱসেনাৰ বিধায়ক সকলৰ সৈতে এক বৈঠকৰ আহ্বান কৰিছে। অন্যহাতে বিজেপিয়েও আজি এক বৈঠকত মিলিত হব।

উল্লেখ্য যে, বৃহস্পতিবাৰে উদ্ধৱ থাকৰে চৰকাৰ আস্থা ভোটৰ সন্মুখীন হোৱাৰ সম্ভাৱণা আছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কৌশৰীয়ে বৃহস্পতিবাৰে উদ্ধৱ ঠাকৰে চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিলেও সেয়া অনুষ্ঠিত নহ'বও পাৰে।

উচ্চতম ন্যায়ালয়ত শিৱসেনাৰ ১৬ জন বিধায়কলৈ জাৰি কৰা অযোগ্য ঘোষণাৰ জাননীৰ বিবাদ নিষ্পত্তি নোহোৱাকৈ কেনেকৈ আস্থা ভোট অনুষ্ঠিত হ'ব বুলি উদ্ধৱ ঠাকৰে বাহিনী ন্যায়ালয়ৰ কাষ চপাত আজি ৫ বজাত এই বিষয়টোক লৈ শুনানি অনুষ্ঠিত হ'ব। তাৰ পাছত হে বিশেষ অধিৱেশন অনুষ্ঠিত হোৱা, নোহোৱাটো নিশ্চিত হৈ পৰিব।

আৰু পঢ়ক: বানপানীয়ে উটুৱাই লৈ যোৱা লোকৰ মৃতদেহ উদ্ধাৰ…

assam bjp maharashtra shiv sena