৭৫ সংখ্যক ছিনিয়ৰ একুৱাটিক চেম্পিয়নশ্বিপত শিৱাংগীৰ স্বৰ্ণ : ১৩ বছৰৰ ৰেকৰ্ড ভংগ কৰিলে আস্থাই

সৰুসজাইস্থিত জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হৈ আছে এই প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
 ৭৫ সংখ্যক ছিনিয়ৰ একুৱাটিক চেম্পিয়নশ্বিপত শিৱাংগীৰ স্বৰ্ণ : ১৩ বছৰৰ ৰেকৰ্ড ভংগ কৰিলে আস্থাই

swimming swimming

ডিজিটেল ডেস্কঃ অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এক সুখবৰ। গুৱাহাটীত অনুষ্ঠিত হৈ থকা ৭৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰি অসমৰ শিৱাংগী শৰ্মাই ১০০ মিটাৰ ফ্ৰীষ্টাইলত সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছে।

Advertisment

ইয়াৰ পূৰ্বে শুকুৰবাৰে একেখন প্ৰতিযোগিতাত আস্থা চৌধুৰীয়ে মহিলাৰ ১০০ মিটাৰ বাটাৰফ্লাইত ১৩ বছৰৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আস্থাই ১৩:০৭ ছেকেণ্ড সময়ত সাঁতোৰ সম্পূৰ্ণ কৰি এই ইতিহাস গঢ়িবলৈ সক্ষম হৈছে।

assam astha choudhury shivangi sarma guwagati