কিশোৰীক যৌন উৎপীড়ন,অভিযুক্ত আটক

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নিলখ বৰবাম গাঁৱৰ এগৰাকী ১১ বছৰীয়া কিশোৰীৰ লগত যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
কিশোৰীক যৌন উৎপীড়ন,অভিযুক্ত আটক

ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নিলখ বৰবাম গাঁৱৰ এগৰাকী ১১ বছৰীয়া কিশোৰীৰ লগত যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। নিলখ তৰাণী পথাৰ গাঁৱৰ ভলুকা কোঁৱৰ নামৰ এটা লম্পতৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

Advertisment

অভিযোগ অনুসৰি সোমবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত পঞ্চম শ্ৰেণীৰ ছাত্ৰী গৰাকী বিদ্যালয়ৰ পৰা আহি পোৱাৰ পিছতে ঘৰত কোনো মানুহ নথকাৰ সুযোগত ভলুকা নামৰ লম্পটটো প্ৰৱেশ কৰে আৰু উৎপীড়নৰ চেষ্টা চলায়। এনে সময়তে নাবালিকাৰ বায়েক উপস্থিত হৈ কৰাত হুলস্থুল লগায়।

উপায়ন্তৰ লম্পটটোৱে ঘৰৰ বেৰ ভাঙি পলাবলৈ চেষ্টা কৰাৰ সময়তে স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে অভিযুক্ত ভলুকাক আটক কৰি থানালৈ যায়। নাবালিকা গৰাকীৰ দেহৰ বিভিন্ন অংশত মাৰপিট কৰাৰ দাগ স্পষ্ট হৈ আছে । ঘটনাটোৰ ওপৰত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

আৰু পঢ়ক: টকাৰ সলনি পাথৰ! নগাঁৱত যুৱকক প্ৰৱঞ্চনা কৰা ভণ্ড বাবাক আটক

crime