দুৰ্গা পূজাৰ পৰা ঘৰলৈ উভতাৰ পথত কিশোৰীক যৌন নিৰ্যাতন...

মঙলবাৰে চৰাইদেউ পৰ্বত চাহ বাগিচাত এক জঘন্য ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
দুৰ্গা পূজাৰ পৰা ঘৰলৈ উভতাৰ পথত কিশোৰীক যৌন নিৰ্যাতন...

ডিজিটেল সংবাদ,চৰাইদেউঃ মঙলবাৰে চৰাইদেউ পৰ্বত চাহ বাগিচাত এক জঘন্য ঘটনা সংঘটিত হয়। দুৰ্গা পূজা থলী পৰা মহানৱমীৰ দিনা ঘৰলৈ উভতাৰ সময়ত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱা হয়।

অভিযোগ অনুসৰি বামুণবাৰী গছিকলা অঞ্চলৰ ন্বাহাৱ আলি নামৰ লম্পটোৱে কিশোৰীক গৰাকীক পাছফালৰ পৰা মুখত সোপা দি যৌন নিৰ্যাতন চলায়। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ঘটনাৰ সন্দৰ্ভত নিৰ্যাতিত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি যৌন নিৰ্যাতন চলোৱা লম্পটটোক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। আদালতে অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ বুলি জানিব পৰা গৈছে ৷

assam Assam police arrested durga puja