Advertisment

বেজালী কৰাৰ চলেৰে মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগ…

বেজালী কৰাৰ চলেৰে মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগ…

author-image
asomiyapratidin
New Update
বেজালী কৰাৰ চলেৰে মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগ…

ডিজিটেল সংবাদ,বাইহাটা চাৰিআলি: পেচাত কৰে জৰা ফুকা। কিন্তু এইবাৰ এঘৰৰ পৰা খেদা খাব লগীয়া হল এনে এজন লোকে। ৰোগীৰ ঘৰৰ পৰা ৰোগ নহয় এই লম্পট জনেহে পলায়ন কৰিব লগা হল। আৰক্ষী গৈ পোৱাৰ বাবেহে কোনোমতে ৰক্ষা পৰে গোৰেশ্বৰৰ মৰমী চকৰ বাসিন্দা চাহনুৰ আলী নামৰ লোক জনৰ।

Advertisment

ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে জনোৱা অনুসৰি বিগত কেইবাদিন ধৰি মহিলা গৰাকীৰ শৰীৰত বিষ অনুভৱ কৰি থকাত গোৰেশ্বৰৰ এই গৰাকী চাহজুল আলী নামৰ তথাকথিত বেজৰ পৰা চিকিৎসা গ্ৰহণ কৰে। কিন্তু বেজালী কৰি ফুৰা এই লম্পটজনে মহিলা গৰাকীক ধৰ্ষণ কৰাৰ উদ্দেশ্যে অশ্লীল ইংগিত দিয়াৰ লগতে আপত্তি জনক স্থান স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ফলত মহিলা গৰাকীয়ে চিঞৰ বাখৰ আৰম্ভ কৰাত চিকিৎসা কৰিবলৈ যোৱা লম্পট বেজে পলায়ন কৰে।শুকুৰবাৰে সন্ধিয়া সেই সময়ত ওচৰে পাজৰে উপস্থিত থকা লোকে বেজক আটক কৰি লপা থপা দি বাইহাটা চাৰিআলি আৰক্ষীক গতাই দিয়ে। দৰিদ্ৰ মহিলা গৰাকীয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত নিশাই এখন এজাহাৰ দাখিল কৰে।

আৰু পঢ়ক: নৰ হত্যাকাৰী সোনটি দাসক ন্যায়িক জিম্মালৈ প্ৰেৰণ ঢকুৱাখনা আৰক্ষী

assam sexual harassment