/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/aabbb.jpg)
ডিজিটেল সংবাদ,নগাঁও : এগৰাকী তেৰ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই ৰঙাঘৰত সোমাব লগা হৈছে এজন ব্যক্তি ৷ ঘটনাটো সংঘটিত হৈছে নগাঁও চহৰৰ কাষৰীয়া অঞ্চল বেঙেনাআটিত ৷ আবু নামৰ ব্যক্তিজনে বেঙেনাআটিৰ তেৰ বছৰীয়া কিশোৰী গৰাকীক কোঠাত কৌশলেৰে আৱদ্ধ কৰি অপকৰ্মৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে৷
জানিব পৰা মতে কেইদিনসমান পূৰ্বে কিশোৰী গৰাকীয়ে চাইকেল মেৰামতিৰ বাবে মেকানিক আবুৰ দোকানলৈ গৈছিল ৷ চাইকেলখন মেৰামতি কৰিবলৈ দি পিছত আনিবলৈ যাঁওতে মেকানিকজনে কোঠাৰ ভিতৰৰ পৰা মেৰামতি কৰা চাইকেল উলিয়াই নিদি কিশোৰীগৰাকীক উলিয়াই আনিবলৈ কয় ৷
কিশোৰী গৰাকীয়ে নিজৰ চাইকেলখন ভিতৰৰ পৰা আনিবলৈ যাওঁতে মেকানিকাজনে কোঠাৰ দুৱাৰ বন্ধ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলায় ৷ কিশোৰী গৰাকীয়ে বিকৃত মানসিকতাৰ মেকানিক আবুৰ পৰা ৰক্ষা পাবলৈ চিঞৰ বাখৰ কৰি শক্তি প্ৰয়োগ কৰি পলাবলৈ সক্ষম হয় ৷
সমগ্ৰ ঘটনা কিশোৰী গৰাকীয়ে নিজ মাতৃক অৱগত কৰাত মাতৃয়ে স্থানীয় জেষ্ঠ নাগৰিকৰ কাষ চাপে ৷ সুবিচাৰ লাভ নকৰাত নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰাত পলাতক মেকানিক আবুক মঙলবাৰে নিশা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷
আৰু পঢ়ক: