/asomiyapratidin/media/media_files/2025/04/08/rkXxEkdWLmyDkEUAKOl7.jpg)
ডিজিটেল সংবাদ হাজোঃ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰাৰ সময়তে এগৰাকী মহিলা প্ৰাৰ্থী সন্মুখীন হৈছে মহা বিপদৰ। নিৰ্বাচনৰ প্ৰ-পত্ৰ পূৰণৰ সময়তে হঠাত ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম কৰ্তন হোৱা বুলি জানিব পৰা আচৰিত হৈ পৰিছে।
হাজোৰ নগেন ডেকা গাওঁ পঞ্চায়তৰ পূৰ্বৰ সদস্য শেৱালি ডেকাৰ সৈতে সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে বিগত কাৰ্যকালৰ সদস্য শেৱালি ডেকাই এইবাৰো পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছাৰে প্ৰ-পত্ৰ পূৰণৰ বাবে প্ৰস্তুতি চলাইছিল।
সেই সময়তে তেওঁ এইবাৰ ভোটাৰ তালিকাত তেওঁৰ নাম নথকা দেখি হতভম্ব হৈ পৰে। তেওঁৰ জীৱিত অৱস্থাতে কোনে ভোটাৰ তালিকাৰ পৰা কেনেকৈ নাম কৰ্তন হ’ল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ভোটাৰ তালিকাত তেওঁৰ নাম নথকাৰ বাবেই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰো সুযোগ হেৰুওৱাৰ উপক্ৰম হৈছে।
ভোটাৰ তালিকাত নিজৰ নাম কৰ্তন হোৱা দেখি খঙে, ক্ষোভে শেৱালী ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে তেন্তে ইয়াৰ ক্ষতিপূৰণ দিব লাগিব বুলিও দাবী কৰিছে।
তেওঁ কয়, ভোটাৰ তালিকাৰ পৰা মোৰ নাম কোনে কৰ্তন কৰিলে সেই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। যোৱা বছৰ মই পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আছিলো। এইবাৰ কোনে মোৰ নাম কাটিলে? আচৰিত হৈছো।
উল্লেখ্য যে, এইবাৰ ৰাজ্যত মুঠ ২ টা পৰ্যায়ত অহা ২ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকা অনুষ্ঠিত হ’ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নামনি অসমত।
বেলট পেপাৰতে অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ নিৰ্বাচনত অৱশ্যে বিভিন্ন দিশত থাকিব অনলাইন ব্যবস্থা।নিৰ্বাচনৰ দিনটোত ভোটিং পাৰচেণ্ট অনলাইন যোগে জানিব পাৰিব। কোন বেলট বক্স ক'লৈ যাব সকলোবোৰ অনলাইন ব্যৱস্থাৰ জৰিয়তে জানিব পৰা যাব।
মনোনয়ন পত্ৰ দাখিল কৰা সংখ্যা প্ৰতিদিনে অনলাইনত উপলব্ধ হ’ব। একেদৰে মনোনয়ন দাখিলৰ সময়ত দাখিল কৰা শপতনামা সকলোৱে চাব পৰা হ’ব। কেৱল গাঁও পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতহে এয়া প্ৰযোজ্য নহ’ব।
পঞ্চায়ত নিৰ্বাচনৰ বাবে ৩ এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। মনোনয় পত্ৰ দাখিলৰ অন্তিম দিন ১১ এপ্ৰিল। মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন ১২ এপ্ৰিল। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ১৭ এপ্ৰিল।