লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল বাতিল

লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল বাতিল

ডিজিটেল সংবাদ,লামডিং : কপিলী,বৰপানী আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল বাতিল কৰা হৈছে। আনফালে পাহাৰীয়া জিলা ডিমাহাছাওৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে।

ৰে'ল লাইনৰ ওপৰেদি জল প্ৰৱাহিত হোৱাৰ বাবে পাহাৰীয়া অঞ্চলটোৰ কেইবাখনো ৰে'ল বাতিল কৰিবলৈ বিভাগ বাধ্য হয় । অহা ২ আৰু ৩ জুনলৈ বাতিল হোৱা ৰে'লসমূহ হৈছে ১৫৬১৬ নম্বৰৰ শিলচৰ-গুৱাহাটী ৰে'ল, ১৫৬১৫ নম্বৰৰ গুৱাহাটী-শিলচৰ ৰে'ল, ০৫৬৫৯ নম্বৰৰ শিলচৰ-জিৰিবাম চিৰিবা ৰে'ল।

আনহাতে ০৫৬৬০ নম্বৰৰ জিৰিবাম চিৰিবা -শিলচৰ ৰে'ল, ০৫৫৬৭ নম্বৰৰ শিলচৰ-মণিপুৰ ভৈৰবী ৰে'ল ,০৫৫৬৮ মণিপুৰ ভৈৰবী- শিলচৰ আৰু ০৫৬৮৭ নম্বৰৰ দুৰ্লভচাৰ -শিলচৰ ৰে'ল তথা ১৫৬১৮ নম্বৰৰ দুৰ্লভচাৰা-গুৱাহাটী ৰে'লকে ধৰি মুঠ ৮খন যাত্ৰীবাহী ৰে'ল চলাচল বন্ধ কৰে।

তদুপৰি আংশিকভাৱেও কেইবাখনো ৰে'ল বাতিল কৰা হৈছে। ৰে'ল বাতিলৰ পিছতেই যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ।

লামডিং জংচনত আৱদ্ধ হৈ থকা যাত্ৰীসকলকো আজি লামডিং বাণিজ্য বিভাগৰ পৰা দিনৰ আহাৰ যোগান ধৰাৰ লগতে অসুবিধাৰ সন্মুখীন হোৱা যাত্ৰীক খাদ্য যোগান ধৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in