২৩ মাৰ্চত অনুষ্ঠিত হ'ব সদৌ অসম সংবাদকৰ্মী সন্থাৰ সপ্তম বাৰ্ষিক অধিৱেশন

চানমাৰি পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা। আনহাতে, নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব লেখক তথা জ্যেষ্ঠ সাংবাদিক হেমন্ত বর্মন ।  

author-image
Asomiya Pratidin
New Update
সদৌ অসম সংবাদকৰ্মী সন্থাৰ সপ্তম বাৰ্ষিক অধিৱেশন

সদৌ অসম সংবাদকৰ্মী সন্থাৰ সপ্তম বাৰ্ষিক অধিৱেশন

ডিজিটেল ডেস্ক: ২৩ মাৰ্চত অনুষ্ঠিত হ'ব সদৌ অসম সংবাদকৰ্মী সন্থাৰ সপ্তম বাৰ্ষিক অধিৱেশন। চানমাৰি পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা। আনহাতে, নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব লেখক তথা জ্যেষ্ঠ সাংবাদিক হেমন্ত বর্মন। সন্থাৰ আইন উপদেষ্টা শান্তনু বৰঠাকুৰৰ উপৰিও সম্মানীয় অতিথি হিচাপে এ আই টি ইউ চিৰ সাধাৰণ সম্পাদক ৰমেন দাস আৰু চি আই টি ইউ ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক তপন শর্মাও উপস্থিত থাকিব। 

উল্লেখ্য যে এই অধিৱেশনতে আগন্তুক বর্ষৰ বাবে পুৰণি সমিতিখন ভাগ কৰি সন্থাৰ নতুন সমিতি গঠন কৰা হ'ব। সেয়েহে সন্থাৰ সমূহ সদস্য-সদস্যাক অধিৱেশনখন সফল কৰি তুলিবলৈ সকলো প্রকাৰৰ সহায়-সহযোগিতাৰ লগতে উক্তদিনা সকলো কার্যসূচীতে অংশগ্রহণ কৰিবলৈ সন্থাৰ তৰফৰ পৰা অনুবোধ জনোৱা হৈছে।

সংবাদকৰ্মী