/asomiyapratidin/media/media_files/2025/06/14/XGiZZzvv1c63Zm58nO7l.jpg)
ডিজিটেল ডেস্কঃ ডিমা হাছাও জিলাৰ হাফলং চহৰত থকা অমস চৰকাৰৰ অধীনস্থ ৰেছম বিভাগৰ দুটাকৈ কাৰ্যালয়ৰ ভূমি ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে অকৰ্তৃত্বশীলভাৱে হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বায়িত্ব শাসিত পৰিষদখনে হাফলঙৰ ৰেছম শিল্পৰ সৈতে সম্পৰ্কিত বিভিন্ন সম্পদ ধ্বংসৰে কেৱল হাফলঙৰে নহয় অসমৰ সমগ্ৰ ৰেছম শিল্পটোৰ ভৱিষ্যতৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে।
কেৱল সেয়াই নহয়, হাফলঙত থকা ৰেছম বিভাগৰ ভূমি আৰু চৰকাৰী আৱাসতো স্থানীয় লোকে চলোৱা অবাধ বেদখলো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ভয়, ভাবুকিৰ সন্মুখীন হৈছে ইয়াৰ কৰ্মচাৰীসকল। তেনে ভয়, ভাবুকিতে সন্ত্ৰস্ত হৈ কোনো কোনোৱে এৰিছে চৰকাৰী আৱাসগৃহও।
যদিও নামত ৰেছম বিভাগ এটা আছে, এই বিভাগটোৰ দায়িত্বত এগৰাকী মন্ত্ৰী আছে তথাপিও বিভাগীয় শীৰ্ষ বিষয়াৰ লগতে বিভাগীয় মন্ত্ৰীৰো গুৰুত্বহীনতা আৰু দায়িত্বহীনতাৰ বাবেই এতিয়া তিল তিলকৈ মৃত্যুৰ দিশে গতি কৰিছে অসমৰ এক আপুৰুগীয়া সম্পদ। হাফলঙত চলি থকা অকৰ্তৃত্বশীল আৰু ধ্বংসাত্মক কাৰু-কাৰ্য তাৰেই জ্বলন্ত উদাহৰণ।
/asomiyapratidin/media/media_files/2025/06/14/hAmIPRr1BB8KYxm9dBlh.jpg)
তথ্য অনুসৰি ২০ ডিচেম্বৰ ২০২৪ ত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ অতিৰিক্ত সচিব আৰু ছেটেলমেণ্ট অফিচাৰৰ দ্বাৰা স্বাক্ষৰিত S.CASE NO.24(H-A)2023-2024 ৰ জৰিয়তে হাফলঙৰ হোজাইছা চেণ্ট্ৰেল ৱেলফেয়াৰ কমিটীলৈ বিপিএল ষ্টুডেণ্ট হোষ্টেল নিৰ্মাণৰ বাবে ভূমি আৱণ্টনৰ সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত ৰেছম শিল্প বিভাগৰ অধীনত থকা ১৩ কথা ভূমি হস্তান্তৰৰ কথা অৱগত কৰি ইয়াৰ বাবে ৰেছম শিল্প বিভাগলৈ ছেটেলমেণ্ট মাচুল হিচাপে ১০০০ টকা আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছে।
ঠিক সেইদৰে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ ছেটেলমেণ্ট এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে NO.REV/S/4-Allot/2025-2026/ ৰ জৰিয়তে স্থায়ী ক’ৰ্ট বিল্ডিং আৰু জুডিছিয়েল অফিচাৰৰ কোৱাৰ্টাৰ নিৰ্মাণৰ বাবেও ১ বিঘা ৫ কথা ভূমি আৱণ্টন দিয়াৰ কথা উল্লেখ কৰা হৈছে। হস্তান্তৰিত এই ভূমিও ৰেছম শিল্প বিভাগৰ অধীনত আছে।
/asomiyapratidin/media/media_files/2025/06/14/t6aNBpnfUQb5tMvIymFv.jpg)
জিলা সত্ৰ ন্যায়াধীশলৈ প্ৰেৰণ কৰা এই পত্ৰৰ জৰিয়তে হস্তান্তৰিত ১ বিঘা ৫ কথা ভূমি নিজৰ অধীনলৈ নিবলৈ কোৱা হৈছে। স্বায়ত্ব শাসিত পৰিষদখনৰ ৰেভিনিউ বিভাগৰ অতিৰিক্ত সচিবে এই পত্ৰখনত যোৱা ৪ জুন তাৰিখে স্বাক্ষৰ কৰিছে।
অসম চৰকাৰৰ ৰেছম বিভাগৰ অধীনত থকা যি ভূমি এইদৰে স্থায়ী নিৰ্মাণৰ বাবে স্বায়ত্ব শাসিত পৰিষদে আৱণ্টন দিছে সেই স্থানত আছিল এৰী পালনৰ বাবে অতি প্ৰয়োজনীয় তথা এৰী পলুৰ খাদ্য কেচৰু বৃক্ষ। ইতিমধ্যে সেই স্থানৰ প্ৰায় ২০০ জোপা কেচৰু বৃক্ষ কাটি পেলোৱা হৈছে।
/asomiyapratidin/media/media_files/2025/06/14/LP66ZJMaszhSMvnpRrYo.jpg)
সেই ধ্বংসযজ্ঞৰ পিছত এতিয়া তাত নতুনকৈ অট্টালিকা নিৰ্মাণৰ প্ৰস্তুতি চলিছে। এইদৰে অসম চৰকাৰৰ ৰেছম বিভাগৰ ভূমি অকৰ্তৃত্বশীলভাৱে হস্তান্তৰ আৰু ইয়াৰ সম্পদৰাজিত চলা ধ্বংসযজ্ঞৰ মূলতে হৈছে বিভাগটোত খালী হৈ থকা কেইবাটাও শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ পদ।
জানিব পৰা মতে বিভাগটোত খালী হৈ আছে বিভাগটোৰ অতিৰিক্ত সঞ্চালক, সহকাৰী ৰেছম সঞ্চালক আদিৰ পদ। লক্ষ্যণীয় বিষয় যে, সমগ্ৰ অসমত ৰেছম বিভাগৰ অতিৰিক্ত সঞ্চালক পদ আছে চাৰিটা।
/asomiyapratidin/media/media_files/2025/06/14/Cb3TvMVnCFz1RmFDSTGV.jpg)
তাৰে এটা পদ আছে হাফলঙস্থিত এই জিলা ৰেছম বিভাগৰ কাৰ্যালয়তে। তাৰোপৰি এই কাৰ্যালয়ৰ অধীক্ষকৰ পদটোও যোৱা কেইবাটাও বছৰ ধৰি খালী হৈ থকাৰ বাবে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে স্থানীয়ভাৱে এই পদত এজন কৰ্মচাৰীক বহুৱাই ৰাখিছে।
ইয়াৰেই সুযোগ গ্ৰহণ কৰিছে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি কেৱল ভূমি হস্তান্তৰতে ক্ষান্ত নাথাকি স্বায়ত্ব শাসিত পৰিষদখনে হাফলং চহৰত থকা ৰেছম শিল্প বিভাগৰ দুয়োটা পুৰণি কাৰ্যালয় ভাঙি পেলাবৰ বাবেও প্ৰস্তুতি চলাইছে।
যদি সেয়াই হয় তেন্তে সমগ্ৰ অসমৰে আপুৰুগীয়া ৰেছম শিল্পৰ উদ্যোগটোৱেই যে এক প্ৰকাৰে ধ্বংস হৈ পৰিব সেয়াও নিশ্চিত। কিয়নো অসমৰ আপুৰুগীয়া ৰেছম শিল্প বিশেষকৈ এৰী পালন বহু পৰিমাণে নিৰ্ভৰশীল হৈ আছে হাফলঙত থকা এৰী সমাহাৰ কেন্দ্ৰটোৰ ওপৰতে।
/asomiyapratidin/media/media_files/2025/06/14/kcz7Tpvp4XHN2vIB8doV.jpg)
এই কেন্দ্ৰটোতেই এৰীৰ প্ৰজনন হোৱাৰ লগতে তাৰ পৰাই এৰীৰ সচ সমগ্ৰ অসমলৈ যোগান ধৰা হয়। উল্লেখযোগ্য যে, ৰাজ্য বিভাজন হৈ গাৰো পাহাৰ অসমৰ পৰা আঁতৰি যোৱাত ডিমা হাছাও জিলাই মুগা পালনৰ বাবে অন্যতম উপযুক্ত স্থান হিচাপে বিবেচিত হৈ পৰিছিল।
এতিয়া ডিমা হাছাও জিলাৰ এই ৰেছম বিভাগৰ গৃহ ভাঙি পেলালে মুগা শিল্পৰ ওপৰতো যে প্ৰভাৱ পৰিব সেয়াও নিশ্চিত। আনহাতে ডিমা হাছাও জিলাৰ মাইবঙত থকা ৰেছম শিল্পৰ ভূমিলৈয়ো একেই ভাবুকি নামি আহিছে।
সমগ্ৰ জিলাখনৰ অধিবাসীসকল হাফলঙমুখি হোৱাৰ বাবেও বিভাগটোৰ ভূমি বহু পৰিমাণে বেদখল হৈছে। ৰেছম বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ বহু চৰকাৰী আৱাসগৃহতো ভয়, ভাবুকিৰে বেদখল চলাৰ অভিযোগ উঠিছে।
/asomiyapratidin/media/media_files/2025/06/14/SBn1z0BDNomCf7ylxhtf.jpg)
কিন্তু অনাকাংক্ষিত বিপদৰ বাবেই বহু কৰ্মচাৰীয়ে তেনে ভয় ভাবুকিৰ সন্মুখীন হৈয়ো তাৰ বিৰুদ্ধে মুখ খুলিব বিচৰা নাই।মন কৰিবলগীয়া যে, ডিমা হাছাও জিলাৰ বহু লোক এৰী পালনৰ সৈতে জড়িত হৈ সংস্থাপিত হৈ অৰ্থনৈতিকভাৱে টনকিয়াল হৈছে।
যদিহে জিলাখনৰ এৰী পালনৰ মূল কেন্দ্ৰটোৱেই ভাঙি পেলোৱা হয় তেন্তে স্থানীয় এই লোকসকলৰো জীৱিকাৰ বাট যে বন্ধ হৈ পৰিব সেয়াও নিশ্চিত। হাফলং চহৰৰ ‘চৰকাৰী বাগান’ নামটোৰো উৎপত্তি হৈছিল ইয়াত থকা ৰেছম পামখনৰ বাবেই।
কিন্তু সেই পামখন বেদখলৰ কৱলত পৰাৰ পিছত এতিয়া আনুষ্ঠানিকভাৱে দিনৰ পোহৰতে পামখনত ধ্বংসযজ্ঞ চলাত সেই নামৰ প্ৰাসংগিকতাও নাইকিয়া হৈ পৰিছে বুলি একাংশ লোকে মতব্যক্ত কৰিছে। এনে পৰিস্থিতিত অসমৰ আপুৰুগীয়া ৰেছম শিল্পৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই তাৎক্ষণিকভাৱে অসম চৰকাৰে এই বিষয়ত হস্তক্ষেপ কৰাতো অতি জৰুৰী হৈ পৰিছে।
ইতিমধ্যে ধ্বংসযজ্ঞ চলা ৰেছম বিভাগৰ এই অধীক্ষকৰ কাৰ্যালয়ত ভূমি হস্তান্তৰ আৰু চৰকাৰী গৃহও ধ্বংস কৰাৰ ষড়যন্ত্ৰক যদি এতিয়াই প্ৰতিহত কৰিব পৰা নাযায় তেন্তে বিশ্ব মঞ্চত অসমৰ পৰিচয় বহন কৰা এই আপুৰুগীয়া সম্পদ যে কাললৈ হেৰাই যোৱাৰ উপক্ৰম নহ’ব তাৰ কোনো নিশ্চয়তা নাথাকিব।
সেয়ে এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী ইউ জি ব্ৰহ্মৰ উপৰিও ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ অতি জৰুৰী হৈ পৰিছে বুলি দাবী কৰিছে একাংশ সচেতন লোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us