/asomiyapratidin/media/media_files/2025/03/18/e0X1lHRBQlhj03LyLLpi.jpg)
বাজেট সন্দৰ্ভত আলোচনা চক্ৰ
ডিজিটেল সংবাদ, মায়ং :মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত ১৮ মাৰ্চত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক বাজেট সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত আয়োজিত আলোচনা চক্ৰখন উন্মোচন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে। অধ্যক্ষ ড° নেওগে এই বৰ্ষৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বাজেট সন্দৰ্ভত আলোচনাৰ আয়োজন কৰাৰ বাবে অৰ্থনীতি বিভাগৰ ভূয়সী প্ৰশংসা কৰে। ছাত্ৰ ছাত্ৰী আৰু উপস্থিত সকলক উদ্দেশ্যি তেখেতে কয় যে, এই বৰ্ষৰ কেন্দ্ৰীয় বাজেট বিকশিত ভাৰতৰ স্বপ্নক বাস্তৱত পৰিণত হোৱাৰ এক যুগান্তকাৰী দলিল বুলিব পাৰি। তেখেতে দেশ আৰু ৰাজ্যৰ বাবে যেনেদৰে বাজেট প্ৰস্তুত কৰা হয় ঠিক একেদৰে পৰিয়াল পৰিচালনাৰ স্বাৰ্থত বাজেটৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰে। বিভাগীয় অধ্যাপিকা ড° গীতুমনি ৰাজবংশীয়ে আলোচনাৰ আঁত ধৰি কয় যে, বাজেটত দেশৰ উন্নয়নৰ ইঞ্জিন থাকে আৰু এই ইঞ্জিন চলাবলৈ ইন্ধনৰ প্ৰয়োজন হয়, যিবোৰ বাজেটত বিশেষ ভাৱে চিহ্নিত কৰা হয়। টকাটোৰ ক'ৰ পৰা আয় হয় আৰু ক'ত ক'ত ব্যয় হয় এই বিষয়েও বিতং বিৱৰণ দাঙি ধৰে।
ড° চিত্ত ৰঞ্জন চৰকাৰে এনে ধৰণৰ আলোচনাই ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশ আৰু দেশৰ উন্নয়নত তেওঁলোকৰ অংশীদাৰ নিশ্চিত কৰে। আলোচনা চক্ৰত বিভাগীয় ছাত্ৰ-ছাত্ৰী সকলে ভিন্ন শিতানত তেওঁলোকৰ নিজ নিজ মতামত দাঙি ধৰে। তেওঁলোকৰ ভিতৰত চান্দ্ৰমল্লিকা মালৈ, চাম্মা ইয়াচমিন, বৰসিং টেৰণ আৰু জামাল আলিয়ে কেন্দ্ৰীয় বাজেটৰ ক্ৰমে নগৰ উন্নয়ন, গ্ৰাম্য উন্নয়ন, কৃষি খণ্ড আৰু প্ৰতিৰক্ষা খণ্ডৰ ওপৰত নিজ নিজ মতামত দাঙি ধৰে। আনহাতে অসমৰ ৰাজ্যিক বাজেটৰ বিভিন্ন শিতানৰ ওপৰত মতামত দাঙি ধৰা ছাত্ৰ ছাত্ৰী সকল আছিল ক্ৰমে আছিয়াছ লুম্ফুই, মনোজ নাথ, অভয় প্ৰতাপ দাস আৰু যুগান্ত প্ৰতীম ডেকাই। ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ লগতে উপস্থিত সকলৰ বিভিন্ন প্ৰশ্নৰ যথাযথ উত্তৰ দিয়ে।