চেলেংহাটত বিশ্ব নাৰ্ছ দিৱসৰ লগত সংগতি ৰাখি মুক্তি দিলে “যোদ্ধা” নামৰ এখন চুটি ছবি…

চেলেংহাটত বিশ্ব নাৰ্ছ দিৱসৰ লগত সংগতি ৰাখি মুক্তি দিলে “যোদ্ধা” নামৰ এখন চুটি ছবি…

author-image
asomiyapratidin
New Update
চেলেংহাটত বিশ্ব নাৰ্ছ দিৱসৰ লগত সংগতি ৰাখি মুক্তি দিলে “যোদ্ধা” নামৰ এখন চুটি ছবি…

ডিজিটেল সংবাদ, টীয়কঃ আজি আন্তৰ্জাতিক নাৰ্ছ দিৱস।সমগ্ৰ দেশতে কোৰোনা ভাইৰাচৰ আতংক আৰু লক ডাউন মাজতো আজিৰ দিনটোতো নাৰ্ছ সকলে নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰি আছে ।আজিৰ এই বিশেষ দিনটোত চেলেংহাটৰ সামাজিক বেচৰকাৰী সংস্থা "চেলেংহাট হেলথ ক্লাৱে" টীয়কৰ FRU প্ৰাংগণত সন্ধিয়া আন্তৰ্জাতিক নাৰ্ছ দিৱস উপলক্ষে চিকিৎসালয় খনত কৰ্মৰত নাৰ্ছ সকলক জনালে সম্বৰ্ধনা,বিতৰণ কৰিলে মিঠাই।

Advertisment

তদুপৰি নাৰ্ছৰ সংঘাতময় জীৱন ভিত্তিত নিৰ্মাণ কৰা চুটি ছবি "যোদ্ধা"চিকিৎসালয়ৰ প্ৰাংগণতে উন্মোচন কৰি নাৰ্ছ সকলৰ নামত উচৰ্গা কৰে আজিৰ এই বিশেষ দিনটোত। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ এই জটিল সময়ত চিকিৎসক সকলৰ সমান্তৰালভাৱে নাৰ্ছসকলে নিজৰ জীৱনৰ লগতে পৰিয়ালকো তুচ্ছ জ্ঞান কৰি জনহিতৰ বাবে কৰা সেৱা মনোভাবক মূল কাহিনী হিচাপে লৈ নিৰ্মিত এই চুটি ছবিখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা সাংবাদিক ৰিজু কুমাৰ শইকীয়াই।

উক্ত অনুষ্ঠানত অন্যান্য সকলৰ লগতে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈ, টীয়ক বাণিজ্য সন্হাৰ সম্পাদক অঞ্জন প্ৰকাশ বৰুৱা,চিকিৎসক উমা চুব্বাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।