১ লাখ নিযুক্তিঃ বিজ্ঞাপন অবিহনেই আৰম্ভ হ’ল ৬০ হাজাৰ পদৰ বাছনি প্ৰক্ৰিয়া !

১ লাখ নিযুক্তিঃ বিজ্ঞাপন অবিহনেই আৰম্ভ হ’ল ৬০ হাজাৰ পদৰ বাছনি প্ৰক্ৰিয়া !

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন বছৰৰ প্ৰথমখন সংবাদমেল সম্বোধন…

ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ বিষয়টোক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা এক মন্তব্যক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিষয়টো সন্দৰ্ভত কৈছিল যে, ইতিমধ্যে৬০ হাজাৰ পদ পূৰণৰ বিষয়টো বাছনি প্ৰক্ৰিয়ালৈ গুচি গৈছে।

ইয়াৰ পিছতে ৰাজ্য চৰকাৰে চৰকাৰী বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ চাকৰিৰ বাবে বাছনি প্ৰক্ৰিয়াৰ বাবে দুগৰাকী আই এ এছ বিষয়াৰ অধ্যক্ষতাত দুখন নিযুক্তি আয়োগ গঠন কৰাৰ বিষয়ে প্ৰকাশ পাইছে। ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এ একে ভূটানীক তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত আয়োগ আৰু বি কল্যাণ চক্ৰৱৰ্তীক চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে গঠিত আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে।

তিনিজনীয়া আয়োগৰ প্ৰথমখন আয়োগৰ আন দুজন সদস্য হৈছে আই এ এছ বিষয়া জয়ন্ত নাৰ্লিকাৰ আৰু উমানন্দ দলে। উল্লেখ্য যে ইতিমধ্যে কেবিনেট বৈঠকত চৰকাৰৰ সকলো বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে বাছনি প্ৰক্ৰিয়া অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত গঠিত দুখন সুকীয়া আয়োগৰ জৰিয়তে সম্পাদন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সিদ্ধান্ত অনুসৰিয়েই এই আয়োগ দুখন গঠন কৰা হৈছে।

ইফালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৬০ হাজাৰ পদৰ বাবে নিযুক্তিৰ বাবে বাছনিৰ কাম ইতিমধ্যে হাতত লৈছে বুলি মন্তব্য কৰাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো ৰাজ্যত ৬০ হাজাৰ পদৰ বাবে নিযুক্তিৰ কোনো বিজ্ঞাপন প্ৰকাশ হোৱা নাই। আনহাতে চলিত মাহত আন ৪০ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰিছে।

assam himanta biswa sarma guwahati