
চলন্ত ৰেলৰ পৰা ৮৬ লক্ষাধিক মূল্যৰ ৪৩০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম।
চলন্ত ৰেলত যাত্ৰীসকলৰ ম'বাইল ফোন, বেগ আদি মূল্যৱান সামগ্ৰী চুৰি কৰা এটা বৃহৎ চক্ৰক ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা আটক কৰা হয়।
ম'বাইল চোৰক ধৰিবলৈ গৈ ৰেলৱে সুৰক্ষাবাহিনীৰ জালত মাৰাত্মক ব্ৰাউন চুগাৰ সৰবৰাহকাৰী৷
প্ৰথমতে চলন্ত ৰেলত লামডিং ৰেলৱে আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ বিশেষ দল CIB য়ে ২২৫০৪ বিবেক এস্কপ্ৰেছৰ পৰা দুটাকৈ দুধৰ্ষ চোৰক আটক কৰে৷
আটকাধীন চোৰৰ মন্তব্যৰ ভিত্তিত ডিমাপুৰ ৰেলৱে ষ্টেচনৰ পৰা চুৰি চক্ৰটোৰ আৰু ৭ জনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
আনফালে চোৰৰ চক্ৰটোৰ পৰা ৯টাকৈ ম'বাইল ফোন, নগদ ধনসহ প্ৰায় ৮৬ লাখ টকাৰ ৪৩০ গ্ৰাম ব্ৰাউন চুগাৰো জব্দ কৰে।
আৰক্ষীয়ে আটক কৰা ৯ জন ক্ৰমে দিলৱাৰ হুচেইন, আচড আলি, মাচোক হুচেইন, নিউটন দাস, মোৰচিদ আলি, বিপুল দাস, মুকেশ কুমাৰ, আনোৱাৰ হুচেইন, আৰু শংকৰ দত্ত বুলি জানিবলৈ পৰা গৈছে।
আটকাধীন কেইজন নগাওঁ আৰু ডিমাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি সোধ পোছ অব্যহত ৰাখিছে যদিও এই চক্ৰটোত আৰু কেইজন জড়িত সকলোকে কৰায়ত্ব কৰিব বুলি সদৰি কৰে RPF বিষয়া গৰাকীয়ে।
লামডিং আৰ পি এফ চি আই বি (CIB) দল আৰু লামডিং জি আৰ পি ৰ যৌথ অভিযানত এই ৯ জনীয়া অপৰাধী চক্ৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।