কাছাৰত জাৰি ১৪৪ ধাৰা…

কাছাৰত জাৰি ১৪৪ ধাৰা…

author-image
asomiyapratidin
New Update
কাছাৰত জাৰি ১৪৪ ধাৰা…

ডিজিটেল ডেস্ক: কাছাৰ প্ৰশাসনে জিলা খনত জাৰি কৰিছে ১৪৪ ধাৰা। কৰিমগঞ্জত শনিবাৰে নিশা ১৪৪ ধাৰা জাৰি কৰাৰ পাছতেই ৰবিবাৰে দুপৰীয়া কাছাৰত জাৰি কৰে ১৪৪ ধাৰা।

Advertisment

এই ধাৰাৰ অধীনত ৫ জনতকৈ অধিক লোক এক গোট হব নোৱাৰে বা সভা সমিতি আদি অনুষ্ঠিত কৰিব নোৱাৰে। ৰাজ্যৰ পৰিস্থিতি শান্ত কৰি ৰাখিবলৈ ১৪৪ ধাৰা জাৰি।

উল্লেখ্য যে, প্ৰাক্তন বিজেপি নেত্ৰী নপুৰ শৰ্মা আৰু নবীন কিমাৰ জিন্দালে হজৰত মহম্মদক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পাছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা যায়। যাৰ বাবে শংকিত হৈ পৰিছে ৰাজ্যৰ গৃহ বিভাগ। অসমতো যাতে ইয়াৰ প্ৰভাৱ নপৰে তাৰ বাবেই কাছাৰ আৰু কৰিমগঞ্জত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

আৰু পঢ়ক: ২০০ ভোটত নিৰ্দলীয়ক পৰাজিত কৰি ফুলনী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়

assam Assam police cachar