/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/5656454545.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভয়াবহ কোৰোনাৰ দ্বিতীয় ঢৌৱে ৰাজ্যজুৰি সন্ত্ৰাস অব্যাহত ৰখাৰ মাজতে মঙলবাৰে ঢকুৱাখনা মহকুমাত দ্বিতীয় গৰাকী কোৰোনাত আক্ৰান্ত লোক চিনাক্ত হৈছে। মঙলবাৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত মণিকাচুক গাঁওৰ প্ৰশান্ত কুমাৰ দাস(৪৫)ৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত লোকজনক সোমবাৰে "ৰেপিড এন্টিজেন টেষ্ট" কৰাৰ পাছত কোৰোনাৰ উপস্থিতিৰ ফলাফল আহে।
কিছুদিন পূৰ্বে লোকজন ডিব্ৰুগড়লৈ গৈছিল বুলি জানিব পৰা গৈছে স্বাস্থ্য বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে। সম্প্ৰতি স্বাস্থ্য বিভাগে আক্ৰান্ত লোকজনক হোম কোৱোৰাইন্টাইনত ৰখা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে ঘিলামৰা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ভুবেনেশ্বৰ ফেৰৎ নামৰ এগৰাকী ব্যক্তিৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰিছিল। মহকুমাটোত ক্ৰমাৎ সংক্ৰমিত হোৱা মাৰাত্মক কোৰোনাৰ স্থায়ী প্ৰতিৰোধৰ বাবে ঢকুৱাখনা মহকুমা প্ৰশাসনে মঙলবাৰে বিশেষ সতৰ্কতামূলক জাননী জাৰি কৰিছে।
মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত গুড়নেইল সিঙে এক নিৰ্দেশনা জাৰি কৰি ৰাজহুৱা সমাৱেশ , ব্যক্তিগত আৰু ৰাজহুৱা পৰিবহন, চৰকাৰী – বেচৰকাৰী কাৰ্যালয়,শিক্ষানুষ্ঠান আদিৰ ওপৰত কিছু নিষেধাজ্ঞা প্ৰদান কৰিছে। ঢকুৱাখনা পৌৰ সভা এলেকা, ঢকুৱাখনা আৰু সোৱণশিৰী ৰাজহ চক্ৰ এলেকাত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা, সামাজিক ব্যৱধান মানি চলা ,মাস্ক পৰিধান কৰা বাধ্যতামূলক কৰি যিকোনো স্থানত ৫ জনৰ অধিক ব্যক্তি সমাগম হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে।
সাপ্তাহিক বজাৰ ,চৰকাৰী বেচৰকাৰী অনুস্থান -প্ৰতিষ্ঠান আদিত বিধি মানি সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কঠোৰ নিৰ্দেশ দি মহকুমাধিপতি সিঙে মহকুমাবাসীক সজাগ আৰু সচেতন হৈ নিজৰ,পৰিয়ালৰ লগতে অন্য নাগৰিকৰো স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে।