/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/cf60e75a-3994-44d1-8622-26c18113585b/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই। মঙলবাৰে ছেবাৰ অধ্যক্ষই বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাৰি কৰা এক জাননী অনুসৰি ২০২৪ বৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অ'এমআৰ শ্বীটযোগে পৰীক্ষাত অৱতীৰ্ণ হ'ব।
জাননী অনুসৰি শিক্ষাৰ্থীসকলে ইতিমধ্যেই গুণোৎসৱৰ জৰিয়তে অ'এমআৰ শ্বীটৰ সাম্যক ধাৰণা লাভ কৰাৰ হেতুকে ২০২৪ বৰ্ষত ৫০ শতাংশ প্ৰশ্নোত্তৰৰ বাবে অ'এমআৰ শ্বীটৰ ব্যৱস্থা কৰা হ'ব। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ বাবেহে লাভ কৰিব।
উক্ত বিষয়সমূহৰ ৫০ শতাংশ প্ৰশ্ন অৱজেকটিভ টাইপ হোৱাৰ সমান্তৰালভাবে উত্তৰ বহী ১৬টা পেজত অন্তৰ্ভুক্ত হ'ব বুলি জাননীত উল্লেখ আছে। তদুপৰি পৰীক্ষাত বহাৰ যোগ্যতা সম্পৰ্কতো জাননীত নিৰ্দেশনা জাৰি কৰিছে ছেবাই।
Also Read: ৰাজ্যপালৰ অনুমোদনেৰে ৭৯ উপ-জিলা গঠনৰ আনুষ্ঠানিক অধিসূচনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us