উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰশ্নকাকত ভাইৰেল,  পৰীক্ষাৰ্থীক বিভ্ৰান্ত নহ’বলৈ আহ্বান চেবাৰ

উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰশ্নকাকত ভাইৰেল,  পৰীক্ষাৰ্থীক বিভ্ৰান্ত নহ’বলৈ আহ্বান চেবাৰ

author-image
asomiyapratidin
New Update
উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰশ্নকাকত ভাইৰেল,  পৰীক্ষাৰ্থীক বিভ্ৰান্ত নহ’বলৈ আহ্বান চেবাৰ

ডিজিটেল ডেস্ক: ২৪ এপ্ৰিলত অনুষ্ঠিত হয় অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা। এই পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছতেই ছ'চিয়েল মিডিয়াত ভাইৰেল হয় প্ৰশ্ন কাকত।

প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ পাছতেই বিভিন্ন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইয়াৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছেবাই।

ছেবাই কয় যে পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে গতিকে পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্ন কাকত সামাজিক মাধ্যমত প্ৰকাশ হোৱা বিষয়টোৰ কোনো গুৰুত্ব নাথাকে।

ছেবাই কয় যে পৰীক্ষাৰ্থী সকলক বিভ্ৰান্ত কৰাৰ বাবে ন্যস্তস্বাৰ্থ মহলে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰশ্নকাকত ভাইৰেল কৰিব পাৰে। সেয়ে পৰীক্ষাৰ্থী সকলক এই ক্ষেত্ৰত বিভ্ৰান্ত নহবলৈ আহ্বান জনাই ছেবাই। লগতে কয় যে উপযুক্ত সময়ত ফলাফলো ঘোষণা হ'ব।

assam si exam seba Assam police