/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/40-syllabus.jpg)
ডিজিটেল ডেস্কঃ অসম মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস কৰিছে। শিক্ষা সংসদে এক নিৰ্দেশনাৰ জৰিয়তে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।
No. SEBA/AB/NOTIFI/06/2018/25 নিৰ্দেশনাৰ জৰিয়তে পত্ৰ নং ASE.1214/2017pt/50 ত উল্লেখ কৰিছে বিগত এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই কোভিড সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে। এই সময়ছোৱাত অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছিল যদিও বহু শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰিলে। সেয়েহে লক্ষ্য কৰা হৈছে যে শিক্ষাৰ্থীসকলৰ যথেষ্ট শৈক্ষিক ক্ষতি হৈছে আৰু শিক্ষকসকলৰ বাবেও ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে মাধ্যমিক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰা পাঠ্যক্ৰম সমাপ্ত কৰাটো কঠিন হৈ পৰিছে।
এনে পৰিস্থিতিত শিক্ষা সংসদে ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ত ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হ'ব। সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ'ব। এই পিডিএফ ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক, নৱম, দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰা হ'ব।
সংশোধীত পাঠ্যক্ৰম ছেবাৰ ৱেব ছাইট www.sebaonline.org ত উপলব্ধ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/WhatsApp-Image-2021-09-02-at-3.15.40-PM-624x1024.jpeg)