/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f29476d3-4f39-4edb-b4ed-0f630a029c6e/sonowal.jpg)
অনলাইন ড্ৰেজিং নিৰীক্ষণ প্ৰণালীৰ মুকলি
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ আৱৰ্জনাৰ পৰা সম্পদলৈ ত্বৰান্বিত কৰাৰ বাবে "সাগৰ সমৃদ্ধি" অনলাইন ড্ৰেজিং নিৰীক্ষণ প্ৰণালী মুকলি কৰে । উক্ত নিৰীক্ষণ ব্যৱস্থাটো ৰাষ্ট্ৰীয় বন্দৰ, জলপথ আৰু উপকূলীয় প্ৰযুক্তি কেন্দ্ৰৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/af5cfe05-6c66-416e-93cd-3940e4963250/68e68cbe_0593_45ab_a578_210ba9985cfa.jpg)
এই নতুন প্ৰযুক্তিয়ে ড্ৰাফ্ট এণ্ড ল'ডিং মনিটৰ (ডিএলএম)ৰ পুৰণি প্ৰণালীৰ বিপৰীতে লক্ষণীয় ৰূপান্তৰ আনিছে । "সাগৰ সমৃদ্ধি" নিৰীক্ষণ প্ৰণালীয়ে দৈনিক আৰু মাহিলি প্ৰগতি, খননৰ দক্ষতা, ডাউনটাইম নিৰীক্ষণ, লডিং, আনল'ডিং আৰু সময়ৰ স্নেপশ্বটৰ সৈতে সহজে অৱস্থান ট্ৰেক ডাটাৰ অনুমতি প্ৰদান কৰিব । এই প্ৰণালীয়ে প্ৰধানমন্ত্ৰী মোডীৰ "আত্মনিৰ্ভৰ ভাৰত" আৰু "মেক ইন ইণ্ডিয়া" দৃষ্টিভংগীক অধিক শক্তিশালী কৰিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/69e661ab-b234-4913-95e3-9395aa4d92bc/bb4a35f6_d531_4745_8846_ab0d85d4aafe.jpg)
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আমাক ত্ৰুটি আৰু শূন্য প্ৰভাৱৰ মন্ত্ৰ প্ৰদান কৰিছে আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে তেখেতৰ দৃষ্টিভংগীক অনুসৰণ কৰি ক্ষিপ্ৰতাৰে কাম কৰি আছে । এই উন্নত প্ৰযুক্তিৰ যুগত খননৰ যাৱতীয় নিৰীক্ষণ কৰাৰ বাবে ন ন প্ৰযুক্তি প্ৰয়োগ কৰাটো অত্যাৱশ্য়কীয়, যাতে মানৱীত ক্ৰুটি হ্ৰাস কৰিব পৰা যায় । "
লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা মুখ্য় বন্দৰসমূহে অনলাইন ড্ৰেজিং নিৰীক্ষণ প্ৰণালী ব্যৱহাৰ কৰি প্ৰকল্প ৰূপায়ণত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব । তদুপৰি খনন প্ৰক্ৰিয়াৰ ব্যয়ো হ্ৰাস পাব । ই পৰিৱেশ অনুকূল উন্নয়নতো সহায় কৰিব, বন্দৰসমূহৰ কাৰ্যকৰী ব্যয় হ্ৰাস কৰিব আৰু অধিক স্বচ্ছচা তথা দক্ষতা আনিব। "
আজিৰ এই অনুষ্ঠানত মন্ত্ৰালয়টোৰ সচিব সুধাংশ পন্তৰ উপৰি জেষ্ঠ বিষয়াসকল আৰু মুখ্য় বন্দৰসমূহ তথা সংশ্লিষ্ট সমস্থাসমূহৰ অন্যান্য জেষ্ঠ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বান সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক...