দ্বাদশ শ্ৰেণীত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীলৈ স্কুটী ঘোষণা শিক্ষামন্ত্ৰীৰ

author-image
Asomiya Pratidin
New Update
দ্বাদশ শ্ৰেণীত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীলৈ স্কুটী ঘোষণা শিক্ষামন্ত্ৰীৰ

ডিজিটেল ডেস্ক : দ্বাদশ শ্ৰেণীত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব স্কুটী । নূন্যতম ৬০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ ছোৱালী সকলৰ আৰু নূন্যতম ৭৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ ল'ৰা সকলৰ বাবে এই স্কুটী আগবঢ়োৱা হ'ব । এক সংবাদ মেলৰ জৰিয়তে এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ।

Advertisment

বুধবাৰে ৰাজ্যিক কেবিনেটে লোৱা এক সিদ্ধান্ত অনুসৰি, সৰ্বমুঠ ৩৫,৮০০ গৰাকী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব স্কুটী য'ত ২৯,৭৪৮ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ ছোৱালী শিক্ষাৰ্থীৰ সৈতে আছে নূন্যতম ৭৫ শতাংশ নম্বৰ প্ৰাপ্ত ৬,০৫২ গৰাকী ল'ৰা ।

এই সন্দৰ্ভত, শিক্ষামন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য অনুসৰি ৰাজ্য চৰকাৰে পূৰ্বৰে পৰাই ছোৱালী শিক্ষাৰ্থী সকলক উৎসাহিত কৰিবৰ বাবে প্ৰদান কৰি অহা স্কুটী চলিত বৰ্ষতো প্ৰদান কৰা হ'ব ৩০ নৱেম্বৰত । আনহাতে, এইবাৰ ল'ৰাসকলকো প্ৰদান কৰা হ'ব স্কুটী । অৱশ্যে, তেওঁলোকৰ বাবে নূন্যতম ৭৫ শতাংশ নম্বৰ ধাৰ্য্য কৰি দিছে শিক্ষা বিভাগে ।

উল্লেখ্য যে, এই সমগ্ৰ প্ৰক্ৰিয়াটোত চৰকাৰে ব্যয় কৰিব প্ৰায় ২৬০ কোটি টকা । আৰু কেৱল স্কুটীয়েই নহয় বৰং ইয়াৰ পঞ্জীয়ন অ‍াৰু বীমাৰ বাবেও অৰ্থনৈতিক সাহায্য আগবঢ়াব চৰকাৰে ।

assam AHSEC ranoj pegu