বিজ্ঞান মনস্কতাৰ লক্ষৰে ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত বিজ্ঞান আৰু আৰু শিশু চিত্ৰ প্ৰদৰ্শনী…

বিজ্ঞান মনস্কতাৰ লক্ষৰে ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত বিজ্ঞান আৰু আৰু শিশু চিত্ৰ প্ৰদৰ্শনী…

author-image
asomiyapratidin
New Update
বিজ্ঞান মনস্কতাৰ লক্ষৰে ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত বিজ্ঞান আৰু আৰু শিশু চিত্ৰ প্ৰদৰ্শনী…

ডিজিটেল সংবাদ বোকাখাতঃ বুধবাৰে বোকাখাত মহকুমাৰ বৃহত্তৰ বান বিধ্বস্ত দুসুতিমুখ অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক বিজ্ঞান মনস্কতাৰ প্ৰতি আকৰ্ষিত কৰাৰ অহৰ্নিশ প্ৰয়াস হিছাপে প্ৰয়াস অধ্যয়ন চক্ৰৰ বিশেষ নিবেদন ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ে অনুষ্ঠিত কৰে এখনি বাৰ্ষিক বিজ্ঞান প্ৰদৰ্শনীৰ লগতে শিশু চিত্ৰ প্ৰদৰ্শনী। বাৰ্ষিক বিজ্ঞান প্ৰদৰ্শনীৰ আৰু শিশু চিত্ৰ প্ৰদৰ্শনীখন উদ্বোধন কৰে কবি সাংবাদিক পল্লৱ হাজৰিকা আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পীযুষ কলিতাই।

Advertisment

বিদ্যালয়খনে প্ৰতিষ্ঠাকাল ২০০৬ চনৰ পৰাই ধাৰাবাহীক ভাৱে অব্যাহত ৰাখিছে এই প্ৰচেষ্টা। উল্লেখযোগ্য যে ঘৰুৱা ভাৱে ব্যৱহৃত আৰু নিত্য নৈম্যত্তিক ব্যৱহাৰিক দৃষ্টিত পৰি থকা সামগ্ৰী সমূহৰ মাজত ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান সন্ধানৰ চিন্তাক উৎসাহিত কৰিবৰ বাবে প্ৰতিস্থা কালৰে পৰা ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় কৰ্তৃপক্ষই চলাই আহিছে এই প্ৰচেষ্টা।

উল্লেখযোগ্য যে নৈপৰীয়া অঞ্চলত প্ৰতিস্থা লাভ কৰা বিদ্যালয়খনে অঞ্চলটোত পৰম্পৰাগত ভাৱে চলি থকা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত অৱিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞান মনস্কতাৰ প্ৰতি বিশেষ ভাৱে আকৰ্ষিত কৰি আহিছে এই বিজ্ঞান প্ৰদৰ্শণীয়ে।

ইফালে বিগত দুটা বছৰে কোভিড সৃষ্ট পৰিবেশৰ বাবে ৰাজ্যখনৰ অন্যান্য বিদ্যালয় সমূহৰ দৰে এই বিদ্যালয়খনো ধাৰাবাহিক শিক্ষা দানৰ পৰা বঞ্চিত হৈ আছিল যদিও কোভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ শিক্ষাৰ ধাৰা অব্যাহত ৰাখিছে বিদ্যালয়খনে আৰু এইক্ষেত্ৰত বিদ্যালয়খনে বুধবাৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোৱে অভিভাৱক আৰু ছাত্র ছাত্ৰীসকলক বিশেষভাৱে উৎসাহিত কৰা দেখা গ'ল।