স্বাভাৱিক সকলো! বিদ্যালয়ত পুনৰ আৰম্ভ পাঠদান

স্বাভাৱিক সকলো! বিদ্যালয়ত পুনৰ আৰম্ভ পাঠদান

author-image
asomiyapratidin
New Update
স্বাভাৱিক সকলো! বিদ্যালয়ত পুনৰ আৰম্ভ পাঠদান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে সকলো শিক্ষানুষ্ঠানৰ পাঠদান কাৰ্য্যসূচী। সকলো চৰকাৰী ব্যক্তিগত শিক্ষানুস্থানত স্বাভাৱিক পাঠদান আৰম্ভ হৈছে।

Advertisment

কোৰোনাৰ ভয়াবহতাৰ বাবে চৰকাৰী নিৰ্দেশনা পালন কৰি বিদ্যালয় সমূহৰ নিম্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান বন্ধ হৈ আছিল। যাৰ ফলত আপোন বিদ্যালয়খনৰ পৰা দীৰ্ঘদিন ধৰি দূৰত আছিল কনকন ছাত্ৰ ছাত্ৰী সকল।

প্ৰায় দুটা বছৰৰ পাছত আজি অনান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাটো প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ন উদ্যমেৰে পিঠিত বেগ লৈ বিদ্যালয়লৈ আহি আনন্দত উৎফুল্লিত হৈ পৰিছে।

বটদ্ৰৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অভিভাৱক সকলেওঁ কনকন ছাত্ৰ ছাত্ৰী সকলক প্ৰায় দুবছৰ পাছত বিদ্যালয়লৈ আনি উৎফুল্লিত হৈ পৰিছে। সকলোৰে কামনা কৰোনা নাশ হওঁক পূৰ্বৰ দৰে বিদ্যালয় সমূহত পাঠদান চলক। ছাত্ৰ ছাত্ৰী সকলৰ দুৰ্দিন আৰু নাহক।

assam assam govt