নৱ উদয় হাইস্কুলত বিজ্ঞান শিক্ষকৰ বদলিক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত চিৰাঙৰ বিদ্যালয়ৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱ

বদলিকৰণ বাতিল কৰাৰ মৌখিক আশ্বাস পৰিদৰ্শক গৰাকীৰ

author-image
Asomiya Pratidin
New Update
নৱ উদয় হাইস্কুলত বিজ্ঞান শিক্ষকৰ বদলিক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত চিৰাঙৰ বিদ্যালয়ৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱ

ডিজিটেল সংবাদ, চিৰাং : কালিৰ দিনটোত চিৰাং জিলাৰ নাঙলভাঙা গাঁৱৰ নৱ উদয় হাইস্কুলৰ একমাত্ৰ বিজ্ঞান বিষয়ৰ শিক্ষক এগৰাকীক বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ নিৰ্দেশত বিভাগীয় ভাবে বদলি কৰিছিল । বিজ্ঞান শিক্ষক গৰাকীৰ এই বদলিকৰণ কাৰ্য্যৰ বিৰোধীতা কৰি ক্ষুদ্ধ ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীবৰ্জন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

Advertisment

এই বাতৰি শুকুৰবাৰ দিনা অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণত প্ৰকাশিত হোৱাৰ পিছত আজি পৰিস্থিতিৰ বুজ ল'বলৈ নাঙলভাঙাৰ নৱ উদয় হাইস্কুলত গৈ উপস্থিত হয় চিৰাঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱ । বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকী বিদ্যালয় চৌহদত প্ৰৱেশ কৰাৰ পিছতে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলে তেখেতক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধৰে।

যেতিয়ালৈকে বিজ্ঞান শিক্ষক গৰাকীৰ বদলিৰ নিৰ্দেশ বাতিল নকৰিব তেতিয়ালৈকে তেওঁক বিদ্যালয় চৌহদত আবদ্ধ কৰি ৰাখিব বুলি কৈ একাংশ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দি প্ৰতিবাদী শ্লোগান অব্যাহত ৰাখে। যেতিয়ালৈকে তেওঁলোকৰ বিজ্ঞান বিষয়ৰ শিক্ষক আলতাফ হুছেইনৰ বদলিৰ নিৰ্দেশ বাতিল কৰি পুণৰ নৱ উদয় হাইস্কুলত নিযুক্তি নিদিয়ে তেতিয়ালৈকে বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীক বিদ্যালয়ৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ হুংকাৰ দিয়ে ।

ছাত্ৰ ছাত্ৰী সকলৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পিছতো বিজয় কুমাৰ বৈষ্ণৱে ছাত্ৰ ছাত্ৰী সকলক শ্ৰেণীবৰ্জন কৰাৰ দৰে কাৰ্য্যসূচী উঠাই লবলৈ অনুৰোধ কৰে কিন্তু ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ বিজ্ঞান বিষয়ৰ শিক্ষকৰ বদলি নিৰ্দেশ বাতিল কৰাৰ দাবীত আকোৰগোঁজ হৈ থাকে । এনে পৰিস্থিতিৰ মাজত ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলৰ হেচাঁত এক প্ৰকাৰ বাধ্য হৈ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱে শিক্ষক বদলিকৰণৰ নিৰ্দেশ বাতিল কৰাৰ মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত কালিৰ পৰা চলাই থকা প্ৰতিবাদী কাৰ্যসূচী লয় ।

প্ৰতিবাদী কাৰ্য্যসূচী উঠাই লোৱাৰ পিছত আমছু, এবিএমছুৰ নেতা সকলে কয়, "নাঙলভাঙা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ ভবিষ্যতৰ কথা চিন্তা কৰি আমি প্ৰতিবাদী কাৰ্যসূচী উঠাই লৈছো । আমি বিচাৰো যে পৰিদৰ্শক গৰাকীয়ে আজি যিদৰে মৌখিক প্ৰতিশ্ৰুতি দিলে আগলৈ সচাঁ অৰ্থত যাতে বিজ্ঞান বিষয়ৰ শিক্ষক গৰাকীক বিদ্যালয়ত পুণৰ ওভতাই আনে তাৰ বাবে বাস্তৱ ক্ষেত্ৰত কাম কৰিবলৈ অনুৰোধ জনায় ।" অন্যথাই আগন্তুক সময়ত ইয়াতকৈ অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব ।

আৰু পঢ়ক : কমাৰগাঁৱত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ বাবে পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে প্ৰতিবাদ বিভিন্ন সংগঠনৰ

chirang