/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3ad6db3d-f31e-4f9f-8acf-aa27e84ae0d1/AP_FOR_WEB_Breaking.jpg)
ডিজিটেল ডেস্কঃ শেৱালী দেৱী শৰ্মাৰ এছ ছি ই আৰ টিৰ ১০৫ কোটিটকীয়া কেলেংকাৰীত সাংবাদিকৰ নাম সাঙোৰ খাৱোক লৈ যোৱা এসপ্তাহে ব্যাপক চৰ্চা চলিছিল। কিয়নো শেৱালী দেৱী শৰ্মাৰ পৰা এই দুজন সাংবাদিক, এজন বৃহৎ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যবাহী আৰু দুগৰাকী আৰটিআই কৰ্মীক কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে সোধা পোচাৰ খবৰ প্ৰকাশ পাইছিল।
প্ৰচাৰিত খবৰ অনুসৰিয়েই আজি ইয়াৰে দুই পৰ্টেল সাংবাদিকৰ লগতে আৰ টি আই কৰ্মী ক্ৰমে অনুপ শইকীয়া আৰু ৰবিজিত গগৈৰ লগতে সাংবাদিকদ্বয় ক্ৰমে- ভাস্কৰ হাজৰিকা আৰু পূজামণি দাসক গ্ৰেপ্তাৰ কৰা হৈছে। সূত্ৰ অনুসৰি আই এ এছ বিষয়া গৰাকীয়ে কন্য়া, জোঁৱাইৰ সৈতে লগ-লাগি বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ পাছত আত্মগোপন কৰাৰ সময়চোৱাত আৰটিআই কৰ্মী আৰু সাংবাদিক কেইগৰাকীক তেওঁলোকৰ দাবী অনুসৰি ধন আদায় দিয়াৰ তথ্য তদন্তকাৰীয়ে লাভ কৰিছে।
ইফালে সামাজিক মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি দলটোক আগবঢ়াই দিয়া কাৰ্যৰ সৈতে প্ৰভাৱশালী সংবাদ প্ৰতিষ্ঠান এটাৰ কাৰ্যবাহী বিষয়া এগৰাকী জড়িত আছিল যদিও বৰ্তমানলৈকে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই তেওঁক গ্ৰেপ্তাৰ কৰা নাই। খুচুৰা সংবাদিক আৰু আৰ টি আই কৰ্মীক গ্ৰেপ্তাৰ কৰা তদাৰকী শাখাই সংবাদগোষ্ঠীৰ কাৰ্যবাহী গৰাকীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কিয় থমকি ৰ'ব লগা হৈছে সেইলৈও এতিয়া সামাজিক মাধ্য়মত চৰ্চা চলিছে।
Also Read: পত্নীক সন্দেহ! সদ্যজাত সন্তানক পিতৃয়ে দিলে কীটনাশক দ্ৰব্যৰ বেজী